/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/fcc794e3-3028-417c-bb7a-233381fc4ac6/bokakhat.jpg)
ডিজিটেল সংবাদ, বোকাখাত : "গাৱেঁ গাৱেঁ বস্তু বেছি ফুৰোতে কোনোবাই মোলৈ বেয়া নজৰ দিয়াও মই দেখিছোঁ, কিন্তু মই খুউব কঠোৰ, মোৰ ল'ৰাটোক এইবাৰ মেট্ৰিক দিব পৰা কৰিছো, এই কথাটোয়ে মোক শক্তি দিয়ে। মই নাজানো মোৰ ক্ষেত্ৰত কিয় এনেকুৱা হ'ল। বিয়াৰ ছয় বছৰ পাছলৈকে আমি থিকেই আছিলো, অভাৱ আছিল কিন্তু আমি সুখী আছিলো। মোৰ দেউতা এজন সাধাৰণ মাছ বেপাৰী আছিল, দুখীয়া আছিলো কিন্ত আমাক দেউতায়ে পঢ়ুৱাবলৈ চেষ্টা কৰিছিল"। এই কথা কম বয়সতে বিধবা হোৱা ৰূমা দাসে কৈছিল।
কিন্তু তেখেতৰ স্বামীৰ মৃত্যুৰ পিছত শহুৰেকৰ ঘৰ বা পিতৃ-মাতৃৰ ঘৰৰ বোজা হোৱাতকৈ এখন চাইকেল কিনিলে আৰু গাঁৱে গাঁৱে বস্তু ফেৰি কৰিবলৈ ল'লে। "এয়া কষ্টকৰ, কিন্তু মই পাৰিছো"- তেখেতে ক'লে।
গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত নগঞা গাঁৱৰ বাসিন্দা এটা সন্তানৰ মাতৃ তেনেই কম বয়সতে বৈধব্যক আকোৱালী লৈও কেতিয়াও মনোবল নেহেৰুৱা ৰূমাৰ কাহিনীটো এনেদৰে আৰম্ভ হৈছে।
বৰ্তমানৰ পৰা কিছুবছৰৰ আগলৈকে সৰহ সংখ্যকেই মৎসজীৱি পৰিয়ালে বাস কৰা কুৰুৱাবাহীৰ নগঞা গাঁৱৰ এটা সাধাৰণ মাছ বেপাৰীৰ পৰিয়ালত জন্ম হৈ পৰিয়ালৰ অভাৱগ্ৰস্ততাৰ মাজতে অষ্টম শ্ৰেনীলৈকে পঢ়িছিল ৰূমায়ে। অৱশ্যে অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই নিজৰ পচন্দমতে বিয়া হৈছিল ৰূমা দাসৰ। সাংসাৰিক অভাৱৰ মাজতেই ২০১৪ চনত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ ৰূমা দাসৰ স্বামীৰ মৃত্যু হোৱাৰ পাছত সৰগ ভাগি পৰিল এটা সন্তানৰ সৈতে ৰূমাৰ ওপৰত।
কিন্তু সাধাৰণতে এগৰাকী অসহায়, স্বামীহীনা, বিধবা যেনেদৰে শহুৰেকৰ ঘৰ বা নিজ পিতৃ-মাতৃৰ বোজা হৈ পৰে তেনে হ'বলৈ নিদিলে ৰূমা দাসে। নিজ সন্তানক বুকুত বান্ধি তেখেতে কুৰুৱাবাহী নগঞা গাঁৱৰ পিতৃ-মাতৃৰ ঘৰলৈ ঘুৰি আহিল। ইয়াতো তেখেতে অসুবিধাত নেপেলালে পিতৃ-মাতৃক তাৰ পৰিবৰ্তে আৰম্ভ কৰিলে কাপোৰ আৰু মহিলাৰ উপযোগী সামগ্ৰী গাঁৱে গাঁৱে ফেৰি কৰাৰ ব্যৱসায়।
"চাইকেল মাৰি গাঁৱে গাঁৱে যাওঁ, মানুহে আগ্ৰহেৰে কিনে, কেতিয়াবা ব্যৱসায়ৰ স্বাৰ্থত বাকীও দিব লগীয়া হয়, অৱশ্যে বৰষুণৰ বতৰত অলপ অসুবিধা হয়, তথাপিও ইয়াৰ পৰা মোৰ মাহে ৩ ৰ পৰা ৪ হাজাৰ টকালৈকে উপাৰ্জন হয়, এইবাৰ এখন স্কুটি কিনিম বুলি ভাবিছোঁ" -ৰূমাই উৎসাহেৰে ক'লে।
শেহতীয়াকৈ উদ্যমী ৰূমাই গাঁৱে গাঁৱে সামগ্ৰী ফেৰি কৰাৰ উপৰিও বন্ধন বেংকৰ পৰা ঋন লৈ ৭০০০ টকাৰে এটা কাপোৰ চিলোৱা মেচিন কিনি ঘৰতে মহিলাৰ চাদৰ-মেখেলা, ব্লাউজ আদি চিলাই কৰাৰ ব্যৱসায় আৰম্ভ কৰিছে। লগতে আৰম্ভ কৰিছে কাপোৰত "এমব্ৰ'ইডাৰী"(embroidery) কৰাৰ ব্যৱসায়ো। "ঘৰত থকা সময়ত দুই তিনি ঘন্টা মেচিনত কাপোৰৰ কাম কৰো,ইয়াৰ পৰাও মাহিলি ২-৩ হাজাৰ টকা পাইছো"- ৰূমাই আকৌ ক'লে।
এতিয়া এই গৰাকী ৰূমা দাসৰ বয়স ৩৪ বছৰ। সাহসী মন, পৰিশ্ৰম, আৰু প্ৰচুৰ মনোবলৰ বাবেই অকাল বৈধব্য যন্ত্ৰনাৰ অৱসান ঘটাই অঞ্চলটোৰ বাবেই স্বাৱলম্বীতাৰ নিদৰ্শন হৈ পৰিছে ৰূমা দাস।
উল্লেখ কৰিবই লাগিব যে চহৰ অঞ্চলত ক্ষুদ্ৰ ব্যৱসায় কৰি স্বাৱলম্বী হোৱা মহিলা বৰ্তমান সময়ত সহজেই দেখা পোৱা যায় যদিও গ্ৰামাঞ্চল সমুহত বৰ্তমানো সেই পৰিবেশে গা কৰি উঠা নাই। তেনে সময়ত অকাল বৈধব্যক সাবতি শহুৰ-শাহুৰৰ লগতে নিজ পিতৃ-মাতৃৰো শাৰিৰীক মনসিক নিৰ্যাতনৰ বলি হোৱা, জীৱন নিৰ্বাহৰ বাবে উপায়ন্তৰ হৈ অসৎ পথত গতি কৰা বা এটা চৰম হতাশাৰ জীৱন কটোৱা বহুতৰ বাবে কুৰুৱাবাহী নগঞা গাঁৱৰ ৰূমা দাস আদৰ্শ হৈ পৰিব নোৱাৰেনে?