প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আদালতক অবজ্ঞা কৰাৰ কথা উল্লেখ কৰি পত্ৰ প্ৰেৰণ ছাকেট গোখেল…

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আদালতক অবজ্ঞা কৰাৰ কথা উল্লেখ কৰি পত্ৰ প্ৰেৰণ ছাকেট গোখেল…

author-image
asomiyapratidin
New Update
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আদালতক অবজ্ঞা কৰাৰ কথা উল্লেখ কৰি পত্ৰ প্ৰেৰণ ছাকেট গোখেল…

ডিজিটেল ডেস্কঃ ছাকেট গোখেল নামৰ এজন লোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে জনাইছে যে, প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ন্যায়ালয়ক অবজ্ঞা তথা অপমান কৰাৰ মন্তব্যৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছে এটৰ্ণী জেনেৰেললৈ। শেহতীয়াকৈ অনুষ্ঠিত ইণ্ডিয়া টুডে'ৰ এক অনুষ্ঠানত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে কৰিছিল এই মন্তব্য।

উল্লেখ্য যে, গোখেল এজন কংগ্ৰেছ সমৰ্থক। তেওঁ লগতে ৰঞ্জন গগৈয়ে উক্ত অনুষ্ঠানটোত কি কৈছিল সেই সন্দৰ্ভত উল্লেখ কৰি লিখিছে যে, 'আপুনি ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি বিচাৰে কিন্তু আছে এটা বিধ্বস্ত ন্যায় ব্যৱস্থা। আপুনি যদি বৰ্তমান ন্যায়ালয়ত যায় তেন্তে নিজৰ কাপোৰ লেতেৰা কৰাৰ দৰে হয়। আপুনি ৰায় নাপাব। এই কথা ক'বলৈ মোৰ কোনো সংকোচ নাই। কেৱল নিজৰ সমৰ্থনত ৰায় পাবলৈ উচ্চতম ন্যায়ালয়ত কেৱল পুঁজিপতিসকলহে যায়। ন্যায় ব্যৱস্থাক লৈ আপুনি কি ভাবে? বিশেষ ইতিবাচক নহয়।'