ৰয়েল গ্লʼবেল বিশ্ববিদ্যালয়ত অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান

ৰয়েল গ্লʼবেল বিশ্ববিদ্যালয়ত অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ - সমাজকৰ্মী তথা মানৱ অধিকাৰৰ অন্যতম অগ্ৰণী প্ৰবক্তা অধ্যাপক শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মেʼৰ দিনা অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু ৰয়েল গ্লʼবেল বিশ্ববিদ্যালয়ৰ সহযোগত নৱম বাৰৰ বাবে আয়োজন কৰা হৈছে 'অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান'। প্ৰণিধানযোগ্য যে, ১৯৩৭ চনৰ পহিলা মেʼত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ এটি সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তৰ বিগত ২০১৩ চনৰ ১৮ জুনত পৰলোকপ্ৰাপ্তি ঘটে।

শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগত প্ৰায় ৩৩ বছৰৰো অধিক কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই প্ৰায় চাৰি বছৰ কাল অসম মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্য ৰূপে কাৰ্য নিৰ্বাহ কৰিছিল। মৃত্যু পৰ্যন্ত চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা ৰূপে কাৰ্যনিৰ্বাহ কৰা শৰৎ মহন্তই দুটা দশকৰো অধিক কাল সাংবাদিকতাও কৰিছিল।অলেখ তথ্যসমৃদ্ধ, চিন্তাশীল প্ৰবন্ধ-নিবন্ধ লিখা মহন্তই কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল।

উল্লেখযোগ্য যে, অহা ১ মেʼৰ বিয়লি চাৰি বজাত গুৱাহাটীস্থ ৰয়েল গ্লʼবেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত নৱম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ সন্মানীয় সদস্য সঞ্জীৱ সন্যালে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অৰ্থনীতিবিদ তথা এগৰাকী অগ্ৰণী ইতিহাসবিদ সঞ্জীৱ সন্যালে " ভাৰতবৰ্ষঃ আমাৰ সভ্যতাগত পৰিচয়ৰ মূল" (Bharat Varsha:The Origins of Our Civilizational Identity) শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰিব।

উল্লেখযোগ্য যে, অসমৰ সন্মানীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই উক্ত বক্তৃতানুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব। সেয়েহে উক্ত বক্তৃতানুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে সকলোৰে প্ৰতি আহ্বান জনাইছে।

ৰয়েল গ্লʼবেল বিশ্ববিদ্যালয়ত অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান
ভোট দানৰ হাৰ কম: নিশালৈ বিজেপিৰ বৈঠক, কাৰ্যকৰ্তাক দিলে বিশেষ দায়িত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in