জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে তেওঁৰ কৰ্মৰাজিৰ গ্ৰন্থ প্ৰকাশ কৰিব ৰয়েল গ্লবেল ইউনিভাৰ্ছিটিয়ে

সাংস্কৃতিক কিংবদন্তি জুবিন গাৰ্গৰ স্মৃতি অমৰ কৰি তোলাৰ উদ্দেশ্যে দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে জুবিন গাৰ্গৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰিব।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-09-24 at 5.42.36 PM

ডিজিটেল ডেস্কঃ সাংস্কৃতিক কিংবদন্তি জুবিন গাৰ্গৰ স্মৃতি অমৰ কৰি তোলাৰ উদ্দেশ্যে দ্য আছাম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে জুবিন গাৰ্গৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি স্থাপন, তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰ অধ্যয়নৰ বাবে বৃত্তিৰ প্ৰতিষ্ঠান, নিৰ্বাচিত গীতৰ ইংৰাজী অনুবাদক লৈ এখন গ্ৰন্থ প্ৰকাশকে ধৰি এক ধাৰাবাহিক পদক্ষেপৰ কথা ঘোষণা কৰিছে।

এই সন্দৰ্ভত আৰ জি ইউৰ আচাৰ্য ড°এ কে পানছাৰীয়ে কয়, “আমাৰ বিশ্ববিদ্যালয়ে ইতিমধ্যে প্ৰতিমূৰ্তিটোৰ ডিজাইন চূড়ান্ত কৰাৰ বাবে দেশৰ খ্যাত নামী ভাস্কৰ্য শিল্পীসকলৰ সৈতে যোগাযোগত আছে। সংগীত আৰু সংস্কৃতিলৈ জুবিন গাৰ্গৰ অতুলনীয় অৱদানৰ প্ৰতি এইপদক্ষেপ সমূহ আমাৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি। 

অনাগত প্ৰজন্মৰ বাবে এই সাংস্কৃতিক কিংবদন্তিৰ স্মৃতি ৰক্ষাৰ বাবে আৰ জি ইউয়ে অতি সোনকালে আৰু কেইটামান কাৰ্যসূচী ঘোষণা কৰিব।”

আৰ জি ইউৰ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ এমেৰিটাছ অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে মন্তব্য কৰি কয়, “জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণৰ বাবে বিশ্ববিদ্যালয়খনৰ এই উদ্যোগ আদৰণিয়   আৰু যথোপযুক্ত। তেওঁৰ জীৱন আৰু কৰ্মৰাজিয়ে নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।”

আৰ জি ইউৰ উপাচাৰ্য অধ্যাপক এ কে বুঢ়াগোহাঁইয়ে আৰু দৃঢ়তাৰে কয়, ‘জুবিন গাৰ্গ কেৱল সংগীতৰ প্ৰতিভাই নহয় ৰাইজৰ কণ্ঠস্বৰ আছিল। এই পদক্ষেপসমূহৰ জৰিয়তে তেওঁৰ দৰ্শন, সৃষ্টিশীলতা, শিল্প কলা যাতে শিক্ষণ আৰু প্ৰেৰণাৰ উৎস হৈ থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অসমৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।’ 

অসম