ৰৌতা আৰক্ষীৰ বৃহৎ সফলতাঃ ১৪ খনকৈ চুৰি বাইক উদ্ধাৰৰ লগতে চোৰক গ্ৰেপ্তাৰ…

ৰৌতা আৰক্ষীৰ বৃহৎ সফলতাঃ ১৪ খনকৈ চুৰি বাইক উদ্ধাৰৰ লগতে চোৰক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
ৰৌতা আৰক্ষীৰ বৃহৎ সফলতাঃ ১৪ খনকৈ চুৰি বাইক উদ্ধাৰৰ লগতে চোৰক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, ওদালগুৰি/ওৰাংঃ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৪ খনকৈ চুৰি মটৰ চাইকেল। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰৌতা আৰক্ষীয়ে তথ্য লাভ কৰিছিল ৰৌতা থানাৰ অন্তৰ্গত এলেকাৰ ভিন্ন স্থানত চুৰি মটৰ চাইকেলৰ বেহা অব্যাহত আছে। তেনে খবৰৰ ভিত্তিত আৰক্ষীয়ে এজন লোকৰ হতুৱাই সন্দেহজনক বাইক চোৰৰ পৰা বাইক ক্ৰয়ৰ নাটক ৰচিছিল। ফলত উক্ত প্ৰক্ৰিয়াৰ দ্বাৰা চুৰি বাইক বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত কালি ৰৌতা চাৰিআলিৰ পৰা এটা বাইক চোৰক গ্ৰেপ্তাৰ কৰে ৰৌতা আৰক্ষীয়ে।

Advertisment

গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে ৰৌতা থানাৰ অন্তৰ্গত পাক্ৰিবাৰী গাঁৱৰ অমিয় খাকলাৰী। ঘটনা সন্দৰ্ভত ৰৌতা থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ আৰু ৪১১ নম্বৰ ধাৰাৰ অধীনত ১৫৮/২১ নম্বৰত এক গোচৰ ৰুজু কৰা হয়। উক্ত গোচৰৰ ভিত্তিতেই লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰৰ পৰা ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰুৱাই ওদালগুৰি জিলাৰ ভিন্ন প্ৰান্তত অভিযান চলাই ১২ খনকৈ চুৰি বাইকৰ লগতে দুখন স্কুটী উদ্ধাৰ কৰে। আগন্তুক দিনত আৰু অধিক চুৰি মটৰ চাইকেল উদ্ধাৰৰ আশা প্ৰকাশ কৰিছে আৰক্ষীয়ে।