
ডিজিটেল সংবাদ, ওৰাংঃ সোমবাৰে সন্ধিয়াৰ ভাগত ৰৌতা চাৰিআলিত এগৰাকী গাড়ী চালকে মালিকৰ দোকানত গাড়ী জমা দিবলৈ যোৱাৰ সময়তে ৰৌতাৰ আক্ৰাছু(অতুল বৰ্মন) গোটৰ কৰ্মীৰ লগত সামান্য কথাতে বাক বিতণ্ডা হয়। বাক বিতণ্ডাৰ পাছত ৰৌতা চাৰিআলিৰ এখন হোটেলত চালক গৰাকীক তথাকথিত আক্ৰাছু কৰ্মীয়ে মাৰধৰ কৰাৰ অভিযোগ গাড়ী চালক গৌতম বৰুৱাৰ। মাৰপিট কৰাৰ পাছত আৰক্ষী আৰু আক্ৰাছু কৰ্মী সকলে গাড়ী চালক গৌতম বৰুৱা আৰু মাৰপিট কৰা আক্ৰাছু তথাকথিত অতুল বৰ্মন গোটৰ কৰ্মী সকলৰ মাজত মীমাংসা কৰি দিয়ে।
পাছত মাৰপিট কৰা ঘটনাস্থলীৰ পৰা আৰক্ষীৰ লোক আতৰি যোৱাত পুনৰ একাংশ যুৱকে ই-ৰিক্সাৰে ৰৌতা চাৰিআলিৰ পৰা ৰৌতাত থকা আক্ৰাছুৰ (অতুল বৰ্মন গোটৰ) কাৰ্যালয়লৈ আনি পুনৰ গাড়ী চালক যুৱক গৰাকীক মাৰপিট কৰে। আক্ৰাছু কাৰ্যলয়ত মাৰপিট কৰা যুৱক কেইজনে গাড়ী চালক যুৱক গৌতম বৰুৱাৰ মবাইল ফোন, মানিবেগ পৰ্যন্ত লৈ লোৱাৰ লগতে ২০ হাজাৰ টকা দাবী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গাড়ী চালক গৌতম বৰুৱাই।
উল্লেখ্য যে, গাড়ীচালক গৌতম বৰুৱাৰ মাত্ৰ কেইদিনমানৰ আগতে হে পেটৰ অস্ত্ৰোপচাৰ কৰা হৈছে। ৰৌতা আক্ৰাছুৰ কাৰ্যালয়ত প্ৰহাৰ কৰাৰ পাছত পুনৰ পেটত আঘাত পাইছে গাড়ী চালক গৌতম বৰুৱাই। গাড়ী চলাই নিজৰ দৰিদ্ৰ পৰিয়ালটো কোনোমতে পোহপাল দিয়া গৌতম বৰুৱাই আক্ৰাছু কাৰ্যালয়ত তেওঁক নি প্ৰহাৰ কৰা ঘটনাক লৈ ৰৌতা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। ছাত্ৰ সংগঠনৰ কাৰ্যালয়ত সংঘটিত হোৱা এনে কাৰ্যক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।