নগাওঁ চহৰৰ মাজমজিয়াত ৮ জনীয়া ডকাইতৰ দলৰ তাণ্ডৱঃ সোণৰ অলংকাৰৰ লগতে লৈ গ’ল কেইবালক্ষাধিক টকা…

নগাওঁ চহৰৰ মাজমজিয়াত ৮ জনীয়া ডকাইতৰ দলৰ তাণ্ডৱঃ সোণৰ অলংকাৰৰ লগতে লৈ গ’ল কেইবালক্ষাধিক টকা…

author-image
asomiyapratidin
New Update
নগাওঁ চহৰৰ মাজমজিয়াত ৮ জনীয়া ডকাইতৰ দলৰ তাণ্ডৱঃ সোণৰ অলংকাৰৰ লগতে লৈ গ’ল কেইবালক্ষাধিক টকা…

ডিজিটেল সংবাদ নগাওঁঃ নগাঁৱৰ উত্তৰ হয়বৰগাঁৱত মঙ্গলবাৰে নিশা সংঘটিত হয় এক ডকাইতিৰ ঘটনা। হয়বৰগাঁৱৰ মাধাৱদেৱ পথৰ মনোজ বথ্ৰা নামৰ ব্যৱসায়ীজনৰ বাসগৃহত সংঘটিত হয় এই ডকাইতি কাণ্ড। নিশা ঘৰৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰা ডকাইতিৰ দলটোত আছিল ৮ টাকৈ ডকাইত। ব্যৱসায়ী মনোজ বথ্ৰাই প্ৰকাশ কৰা অনুসৰি হাতত চোকা অস্ত্ৰলৈ অহা ডকাইতৰ দলটোৱে তেওঁক ৰচিৰে বান্ধি প্ৰথমে মাৰপিট কৰে। ইয়াৰ পিছতেই তেওঁৰ ঘৰৰ পৰা কেইবালক্ষাধিক টকা আৰু সোণৰ অলংকাৰ লুট কৰি নিয়ে।

নিশা সংঘটিত হোৱা এই ঘটনাই এতিয়া সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিয়নো নগাওঁ চহৰৰ মাজমজিয়াৰ অতি জনবহুল এলেকা উত্তৰ হয়বৰগাঁৱত এইদৰে ডকাইতৰ দলে প্ৰৱেশ কৰি অতি সহজতে ডকাইতিৰ ঘটনা সংঘটিত কৰিবলৈ সক্ষম হোৱাটেৱে আৰক্ষীৰ দুৰ্বল ভূমিকাকে সোঁৱৰাই দিয়ে।

assam Assam police