ঠিকাদাৰে নুশুনে ৰাইজৰ কথা, মথুৰাপুৰ চাহ বাগিচাত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ, VIDEO

ঠিকাদাৰে নুশুনে ৰাইজৰ কথা, মথুৰাপুৰ চাহ বাগিচাত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ, VIDEO

author-image
asomiyapratidin
New Update
ঠিকাদাৰে নুশুনে ৰাইজৰ কথা, মথুৰাপুৰ চাহ বাগিচাত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ, VIDEO

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে ব্যাপক দুৰ্নীতি। তাৰ মাজতে চৰাইদেউ জিলাত এগৰাকী ঠিকাদাৰে পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উঠিছে। জিলাখনৰ মথুৰাপুৰ চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে৷ উল্লেখ্য যে, শেহতীয়াকৈ অসম চৰকাৰে বাগিচা সমূহৰ পথ উন্নয়নৰ বাবে এক কোটিকৈ টকাৰ পুঁজি মুকলি কৰি দিয়াত সংশ্লিষ্ট বাগিচাখনত ঠিকাদাৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

Advertisment

সেই অনুসৰি বাগিচাখনত নিৰ্মাণ কাৰ্য চলি থকা পথত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথটো নিৰ্মাণত ঠিকাদাৰ গৰাকীয়ে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। পথটোৰ নিৰ্মাণৰ ক্ষেত্রত হোৱা অনিয়ম সন্দৰ্ভত শ্ৰমিক ৰাইজে দিয়া অভিযোগক গুৰুত্ব নিদি মইমতালিৰে কাম কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে।

পথ নিৰ্মানত প্ৰয়োজনীয় মাটি নিদিয়া, পথটোত প্ৰয়োজনীয় আকাৰ, জোখৰ শিল নিদিয়া আৰু কালভাৰ্ট স্হাপনত বিসংগতি কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ৰাইজৰ কোনো অভিযোগক কেৰেপ নকৰি নিজৰ খেয়াল খুচি মতে কাম কৰাত শ্ৰমিক ৰাইজ তথা আটছা ক্ষোভিত হৈ পৰিছে।

ৰাইজৰ অভিযোগক গুৰুত্ব নিদি দম্ভালি মৰা কথাৰে ঠিকাদাৰে কাম চলাই থকা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটছাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক সমৰজিৎ কাঁহাৰে কয় বাগিচাৰ সহজ সৰল শ্ৰমিকৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰৰে মিলি ধন আত্মসাত কৰা যড়যন্ত্ৰ কৰিছে।

ইফালে জিলাখনত বাগান সমূহত নিমাৰ্ণ হৈ থকা প্ৰায় বিলাক শ্ৰমিক লাইনৰ পথ নিমাৰ্ণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি আৰু অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি কাহাঁৰে ইয়াৰ তদন্তৰ দাবী জনাইছে৷