/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nagoan.jpg)
ডিজিটেল সংবাদ নগাঁও : নগাঁও চহৰত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকে মৃত্যুক সাৱতি লৈছে ৷ নিহত যুৱকজনৰ নাম হৈছে ভাস্কৰ বৰা ৷ ভাস্কৰ বৰা ৰাজ্যিক পৰিবহন নিগমৰ এন আৰ এল তেল ডিপোৰ কৰ্মচাৰী ৷
জানিব পৰা মতে এ এছ ০২ এফ ৫৪৪০ নম্বৰৰ মটৰ চাইকেলখন লৈ গৈ থকা অৱস্হাত এ এছ ০১ বি এক্স ৭৪৪৮ নম্বৰৰ গাড়ীখনে খুন্দা মাৰে ৷ গাড়ীৰ খুন্দাত গুৰুত্বৰ ভাবে আহত হোৱা ভাস্কৰক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ ষ্টেডিয়াম মাৰ্কেটত দেওঁবাৰে নিশা সংঘটিত এই দুৰ্ঘটনাৰ পিছতে এ এছ ০১ বি এক্স ৭৪৪৮ নম্বৰৰ গাড়ীখনৰ চালক আৰু আৰোহীয়ে পলায়ন কৰাৰ অভিযোগ উঠিছে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us