চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অয়ডোবাত পথ দুৰ্ঘটনা

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অয়ডোবাত পথ দুৰ্ঘটনা

author-image
asomiyapratidin
New Update
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ অয়ডোবাত পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিন শালমাৰা মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ অয়ডোবাত শনিবাৰে পুৱা কেঁচা সামগ্ৰী ভৰ্তি এটা বাহন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত দুজন ক্ষুদ্ৰ ব্যৱসায়ী থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো ব্যৱসায়ী গুৰুতৰভাৱে আহত হৈ মানকাচৰ সমুহীয়া স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হ'ব লগা হয়।ইয়াৰে কেবাজনৰো অৱস্থা সংকটজনক।

Advertisment

জানিব পৰা মতে, দুৰ্ঘটনাত মানকাচৰ থানাৰ অন্তৰ্গত জোৰডাঙ্গা গাওঁৰ ৰফিক মিয়া আৰু কুচনীমাৰা গাঁৱৰ পেকে মিয়া নামৰ ক্ষুদ্ৰ ব্যৱসায়ী দুজন নিহত হৈছে । আনহাতে মবিন মিঞা, নুৰ বক্ত, ছাকিৰুল ইছলাম, ইলিয়াছ আলী, জহিৰুল ইছলাম আৰু বাবু মিঞা নামৰ ক্ষুদ্ৰ পাচলিৰ ব্যাৱসায়ী কেইজন কম-বেছি পৰিমানে আহত হৈছে। ইয়াৰে মবিন মিঞাৰ অৱস্থা সংকটজনক বুলি জনা গৈছে । ইতিমধ্যে নিহত হোৱা ক্ষুদ্ৰ ব্যৱসায়ী দুজনৰ মৃত্যুদেহ মেঘালয় আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজ্য খনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ লৈ যায়।