ধেমাজিৰ গ্ৰন্থমেলা বাকৰিত ৰীতা চৌধুৰীৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত হয় অসম গ্ৰন্থমেলা।

author-image
Asomiya Pratidin
New Update
ধেমাজিৰ গ্ৰন্থমেলা বাকৰিত ৰীতা চৌধুৰীৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান

ডিজিটেল সংবাদ, ধেমাজি : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ধেমাজি কাছাৰী ময়দানত আয়োজিত হয় অসম গ্ৰন্থমেলা। এই গ্ৰন্থমেলাৰ বাকৰি সোমবাৰে অমিলতা টায়ে মিলি আৰু দেৱীনা পামেগাম পেগুৱে যুটীয়াভাৱে লিখা কবিতা সংকলন “অবনৰিৰ পাৰৰ মিঠা অনুভৱ" শীৰ্ষক কবিতা সংকলন উন্মোচন কৰে ধেমাজি খণ্ড উন্নয়ন বিষয়া তথা বিশিষ্ট কবি নবীন কামানে ৷

Advertisment

সভাৰ উদ্দেশ্য বাখ্যা কৰে কবিতা সংকলনৰ লিখকদ্বয় অমিলতা টায়ে মিলি আৰু দেৱীনা পামেগাম পেগুৱে ৷ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নন্দেশ্বৰ দেউৰী, শিক্ষক তথা কবি বিপুল শৰ্মা, নৱজ্যোতি দত্ত, সেউতী দলে, বিদ্যা লিভিং স্কুলৰ অধ্যক্ষ পংকজ সোনাৰী, কবি দ্বয় হেমচন্দ্ৰ কছাৰী আৰু বিশ্বজিৎ গগৈয়ে ৷

সোমবাৰে আবেলি ৩ বজাত সুভাষ শইকীয়াৰ গ্ৰন্থ “প্ৰবাসত এপলক” গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যক ড° মৃদুল শৰ্মাই ৷ ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপক কুমাৰ নেওগে সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী সভাৰ উদ্দেশ্য কৰে গ্ৰন্থখনৰ লেখক সুভাষ শইকীয়াই ৷

ইফালে বিয়লি ৪ বজাত ধেমাজি সাংস্কৃতিক অনুষ্ঠান ভোগজৰা উদ্যোগত অসম গ্ৰন্থ মেলা বাকৰতি ধেমাজিৰ বিশিষ্ট লেখক, কবি সাহিত্যিক, সাংবাদিক ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে সাহিত্য একাডেমি বটা প্ৰাপক ড° ৰীতা চৌধুৰীৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ কাৰ্য্যসূচীৰ অন্তত সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক তথা লেখক ড° ৰীতা চৌধুৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক নিজাববীয়াকৈ গ্ৰন্থ মেলাৰ এটা বিপনীৰ পৰা একোখনকৈ শিশু সুলভ গ্ৰন্থ বিনামূলীয়াকৈ বিতৰন কৰে ৷ অনুষ্ঠানৰ আঁতধৰে ভোগজৰা সাংস্কৃতিক অনুষ্ঠানটিৰ সভাপতি তথা সাংবাদিক বিজন শৰ্মাই ৷

assam dhemaji