/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/an.png)
ডিজিটেল সংবাদ,ধেমাজি: অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই যোৱা ৩০ এপ্ৰিলত ধুবুৰী জিলাৰ পৰাই শুভাৰম্ভণি কৰা Ride of Pride বাইক ৰেলীৰ বুধবাৰে নিশা প্ৰায় ৮ .৩০ বজাত আই পি এচ বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত অহা অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দলটিয়ে ধেমাজি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়।
অসম আৰক্ষীৰ গৌৰৱ যাত্ৰা দল ধেমাজি আহি পোৱা পিছতে ধেমাজি আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁ, অতিৰিক্ত আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকা , ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে আৰক্ষী বিষয়া আনন্দ মিশ্ৰ সহ সহযোগী সকলক ফুলাম গামোছাৰে উষ্ম আদৰণি জনায় ৷
ইয়াৰ কিছু সময়ৰ পিছতেই আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত কৰা স্বাগতম সভাত ধেমাজি আৰক্ষী অধীক্ষ ৰঞ্জন ভূঞাঁই আদৰণি ভাষন দি অসম গৌৰৱ যাত্ৰাৰ ৰেলীৰ বিষয়ে চমুকৈ অৱগত কৰে ৷ ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষ গুনেন্দ্ৰ ডেকাই আঁত ধৰা আদৰণি সভাত ধেমাজি কলেজৰ অধ্যক্ষ ড° দিপক কুমাৰ নেওগ , ধেমাজি ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিপক বৰগোহাঁই আদিৰ লগতে ধেমাজিৰ বিভিন্ন গণ্যমাণ্য ব্যক্তিয়ে উপস্থিত থাকি আৰক্ষী বিষয়া আনন্দ মিশ্ৰক উষ্ম আদৰণি জনায় ।
উল্লেখ্য যে বিগত মাহৰ ৩০ এপ্ৰিলৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম গৌৰৱ যাত্ৰা এই বাইক ৰেলী দলটিয়ে মুঠ ৮ টা দিনত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ৰাজ্যখনৰ মুঠ ২৫ খন জিলা সামৰি ২০৫৫ কিলোমিটাৰ পথ অতিক্ৰম কৰা হ'ব বুলি জানিবলৈ দিয়ে।
সভাত অসম গৌৰৱ যাত্ৰাৰ ৰেলীৰ নেতৃত্বত অহা আই পি এচ আৰক্ষী বিষয়া আনন্দ মিশ্ৰই বক্তব্যত এই যাত্ৰাৰ সময়ত মই বিভিন্ন স্হানত দল ,সংগঠন , ৰাইজ আৰু আৰক্ষীয়ে যাত্ৰাক সন্মান জনোৱা বাবে ব্যক্তিগত ভাৱে মই গৌৰৱবোধ কৰিছোঁ বুলি উল্লেখ কৰি অসম আৰক্ষী অসমবাসী ৰাইজৰ বাবে সদায় জিলিকি থাকিব বুলিও কয় ৷অসম আৰক্ষীৰ Ride of Pride বাইক ৰেলীটিয়ে বুধবাৰে নিশা ধেমাজিত থকা পিছত বৃহস্পতিবাৰে ৰাতিপুৱাই ডিব্ৰুগড় দিশে যাত্ৰা কৰে ৷
আৰু পঢ়ক: তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু ইশ্বৰৰ…