ডিজিটেল ডেস্কঃ আগন্তুক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ নিমিত্তে ৰাষ্ট্ৰপতি ভৱনলৈ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে অসমৰ ৪গৰাকী ভিন্ন ক্ষেত্ৰত বৰঙণি যোগোৱা ব্যক্তিক।
ৰাষ্ট্ৰপতি ভৱনলৈ আমন্ত্ৰণ জনোৱা এই ৪গৰাকী ব্যক্তি হৈছে- বিশিষ্টা প্ৰকৃতিপ্ৰেমী তথা হস্তীবন্ধু হিচাপে খ্যাত পাৰ্বতী বৰুৱা, বিশিষ্ট চিকিতসক ডাঃ ৰবি কান্না,মৰিগাঁৱৰ প্ৰেমানন্দ বিশ্বাস আৰু গোৱালপাৰাৰ ভীমলাল মিশ্ৰাক।
এই ৪গৰাকী বিশিষ্ট ব্যক্তিক ২৬জানুৱাৰীৰ দিনটোত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যেৰে বিশেষভাৱে আমন্ত্ৰণ জনাইছে ৰাষ্ট্ৰপতিয়ে।
নিজ নিজ ক্ষেত্ৰতে তেওঁলোকৰ অৱদানৰ স্বীকৃতি হিচাপেই এই বিশেষ দিনটোত বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে এই চাৰি ব্যক্তিক।