প্ৰমোদ বড়োৰ বিৰুদ্ধে মন্তব্য কৰি EM পদ হেৰুৱালে বিজেপিৰ ৰেও ৰেৱা নাৰ্জীহাৰীয়ে...

প্ৰমোদ বড়োৰ বিৰুদ্ধে মন্তব্য কৰি EM পদ হেৰুৱালে বিজেপিৰ ৰেও ৰেৱা নাৰ্জীহাৰীয়ে...

author-image
Asomiya Pratidin
New Update
প্ৰমোদ বড়োৰ বিৰুদ্ধে মন্তব্য কৰি EM পদ হেৰুৱালে বিজেপিৰ ৰেও ৰেৱা নাৰ্জীহাৰীয়ে...

ডিজিটেল ডেস্কঃ ক্ৰমাৎ তিক্ততাপূৰ্ণ হৈ উঠিছে বড়োভূমিত ইউ পি পি এল আৰু বিজেপিৰ মিত্ৰতা। তাৰ পৰিণাম স্বৰূপে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্য্যবাহী সদস্যৰ পদ এম চি এল এ ৰেও ৰেৱা নাৰ্জীহাৰীয়ে হেৰুৱাবলগীয়া হ'ল।

Advertisment

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এল দলৰ মুৰব্বী প্ৰমোদ বড়োৰ প্ৰস্তাৱ অনুসৰি ৰাজভৱনস্থিত গভৰ্নৰ সচিবালয়ৰ আয়ুক্ত সচিব মীনাক্ষী সুন্দৰমে ৰেও ৰেৱা নাৰ্জীহাৰীৰ কাৰ্য্যবাহী সদস্যৰ পদ খাৰিজ কৰিবলৈ বিটিচিৰ মুখ্য সচিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, ৰেও ৰেৱা নাৰ্জীহাৰী বিটিচিৰ উদ্যোগ আৰু বাণিজ্য, লিগেল মেটেৰ'লজী বিভাগৰ কাৰ্যবাহী সদস্য হিচাপেও দায়িত্বত আছিল। বিজেপিৰ এইগৰাকী এম চি এল এয়ে শেহতীয়াকৈ ইউ পি পি এলৰ বিৰুদ্ধে এক ৰাজহুৱা সভাত বিতৰ্কিত মন্তব্য কৰিছিল। ইয়াৰ পৰিণাম হিচাপে তেওঁ কাৰ্য্যবাহী সদস্যৰ পদ হেৰুৱাবলগীয়া হ'ল বুলি চৰ্চা চলিছে।

কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিত বিজেপিৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰেও ৰেৱা নাৰ্জাৰীয়ে প্ৰমোদ বড়োক চোকা সমালোচনা কৰি কৈছিল, প্ৰমোদ বড়োৰ কোনো কাম নাই। তেওঁ নিজেও একো নকৰে আৰু কাৰ্যবাহী সদস্য সকলকো কাম নিদিয়ে।

মন কৰিবলগীয়া যে, বি টি চিত ইউ পি পি এলৰ সৈতে মিত্ৰতাত আছে বিজেপি। এই দুয়ো দলে মিত্ৰতাত থাকি বিটিচিত শাসন কৰি আছে। লোকসভা নিৰ্বাচনতো ইউ পি পি এলক কোকৰাঝাৰ আসনখন এৰি দিছিল বিজেপিয়ে।

কিন্তু আগন্তুক বি টি চিৰ পৰিষদীয় নিৰ্বাচনত এইবাৰ বিজেপিয়ে অকলেই প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত ৰাজহুৱাকৈ ঘোষাণা কৰিছে। ইয়াৰ পিছতে বড়োভূমিত ইউ পি পি এল আৰু বিজেপি নেতৃত্বৰ মাজত ক্ৰমাৎ দূৰত্ব বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ৰাজনৈতিক আক্ৰমণ, প্ৰত্যাক্ৰমণ অব্যাহত আছে।

আনকি একাংশই বড়ো জনগোষ্ঠীয় লোকসকলৰ স্বাৰ্থত বি পি এফ আৰু ইউ পি পি এলক ঐক্যবদ্ধ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰো আহ্বান জনাইছে। এনে পৰিপ্ৰেক্ষিতত প্ৰমোদ বড়োৱে বিজেপিৰ এম চি এল এ গৰাকীৰ বিৰুদ্ধে লোৱা এই পদক্ষেপে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Also Read: ঢকুৱাখনাৰ কৃষ্ণা মেডিকেলত কিশোৰক নিৰ্মম অত্যাচাৰ: আটক ২ অভিযুক্ত

reo rewa narzihari