আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ সৌজন্যত “কৃষি ক্ষেত্ৰত বতৰৰ আগলি বতৰাৰ উপযোগীতা” বিষয়ক সজাগতা সভা…

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ সৌজন্যত “কৃষি ক্ষেত্ৰত বতৰৰ আগলি বতৰাৰ উপযোগীতা” বিষয়ক সজাগতা সভা…

author-image
asomiyapratidin
New Update
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ সৌজন্যত “কৃষি ক্ষেত্ৰত বতৰৰ আগলি বতৰাৰ উপযোগীতা” বিষয়ক সজাগতা সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱা : আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ গ্ৰামীণ কৃষি মৌচম সেৱাৰ সৌজন্যত বটদ্ৰৱা সমষ্টিৰ কাকমাৰী গাঁৱত বৃহস্পতিবাৰে "কৃষি ক্ষেত্ৰত বতৰৰ আগলি বতৰাৰ উপযোগিতা" বিষয়ক এখনি কৃষক সজাগতা সভা অনুষ্ঠিত হয়।

Advertisment

আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ পুতুল চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত আদৰণি ভাষন প্ৰদান কৰে কাকমাৰী গাঁও পঞ্চায়তৰ সভাপতি লক্ষ্য হাজৰিকাই। সভাত অংশ গ্ৰহণ কৰি আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ কল্যাণ শৰ্মাই সম্প্ৰতি বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে বিভিন্ন পোক পৰুৱাৰ প্ৰাদুৰ্ভাৱ আৰু কৃষি ক্ষেত্ৰত বিভিন্ন বেমাৰ আজাৰ পয়োভৰ আৰু প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰে।

সভাত অংশ গ্ৰহণ কৰি আন এগৰাকী প্ৰধান বিজ্ঞানী ড০ পবিত্ৰ কুমাৰ বৰদলৈয়ে গোলকীয় উষ্ণতাৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে লবলগীয়া বিভিন্ন কাৰ্য্যপন্থাৰ বিষয়ে আলোকপাত কৰে। উদ্যান শস্য বিজ্ঞানী ড০ নাছিমা ৰহমান, গৱেষণা সহায়ক বিপ্লৱ বৰুৱা আৰু কাকমৰী, গোসাঁইবড়ি, এফলীয়াবড়ি, খালৈ গাঁও, ভালুকমাৰী, গটঙা বড়ি, বাউলাবড়ি, দগাঁও, বগৰিগুৰি গাঁৱৰ শতাধিক প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত গ্ৰামীণ কৃষি মৌচম সেৱা আঁচনিৰ বিজ্ঞানী নৱজ্যোতি ডেকাই "কৃষক সকলে কৃষি বতৰ পৰামৰ্শৱলী সমূহ লাভ কৰিবলৈ ভাৰত মৌচম বিজ্ঞান বিভাগৰ দ্বাৰা উদ্ভাৱন কৰা মেঘদূত আৰু ঢেৰেকনিৰ বিষয়ে আগতিয়াকৈ জানিবলৈ ডামিনী নামৰ মবাইল সেৱাৰ দ্বাৰা কিদৰে উপকৃত হব তাৰ বিষদ বিৱৰণ আগবঢ়াই।