/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/96320921-e270-4b7f-9765-8c3a3982bcb8/boko_2.jpg)
ডিজিটেল সংবাদ,বকো : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকোতো সোমবাৰৰ পৰা ৰাসমহোৎসৱ আৰম্ভ হৈছে । জানিবপৰা মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ কাঁহিবাৰী গাঁৱত কাঁহিবাৰী আঞ্চলিক সাৰ্ব্বজনীন ৰাস মহোৎসৱৰ এইবাৰ ২৩ সংখ্যক ৰাস মহোৎসৱ । পাঁচ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা ৰাস মহোৎসৱত কাঁহিবাৰী গাঁৱৰ মৃৎশিল্পী ৰাজধৰ মণ্ডলে সাজি উলিওৱা ৯০টা মৃণ্ময় মূৰ্তি ৰাসস্থলীত স্থাপন কৰিছে। যোৱা ৩০ বছৰ ধৰি মৃণ্ময় মূৰ্তি সাজি অহা মৃৎশিল্পী গৰাকীয়ে আজিলৈকৈ চৰকাৰী ভাবে স্বীকৃতি লাভ কৰা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/c43fab36-0f58-4671-b676-3f547929c293/boko_1.jpg)
তথাপিও এইবাৰো শিল্পীগৰাকীয়ে একেই উৎসাহেৰে ৰাইজক তেওঁ সাজি উলিওৱা ৯০টা মৃণ্ময় মূৰ্তি চাবলৈ অনুৰোধ জনাইছে । কাঁহিবাৰী ৰাস মহোৎসৱত অহা ৮ নৱেম্বৰৰ নিশা গাঁৱখনৰ যাত্ৰা নাট্যদল কঁহিবাৰী শিৱ নাট্য পৰিষদ আৰু অহা ১০ নৱেম্বৰৰ নিশা ছয়গাঁৱৰ কাঁহি গঙ্গা নাট্য পৰিষদে নাট প্ৰদৰ্শন কৰিব । ১১ নৱেম্বৰৰ নিশা কণ্ঠশিল্পী ৰূপ প্ৰকাশ আৰু দেৱাস্মীতা দেৱীয়ে সংগীত পৰিৱেশন কৰিব ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f258741b-fdc7-4a29-8dc1-9d950f9a0bfb/boko_3.jpg)
বকো বৰালিমাৰা আঞ্চলিক হাইস্কুল খেলপথাৰত আজিৰে পৰা সাত দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ পলাশবাৰীৰ শিল্পী নৃপেন তালুকদাৰ আৰু বামুণীগাঁৱৰ শিল্পী মঞ্জয় কুমাৰ ৰাজবংশীয়ে মৃণ্ময় মূৰ্তি স্থাপন কৰা খোটালিৰ কেনভাচ সমূহ । মূৰ্তিৰ পাছফালে থকা কেনভাচবোৰ শিল্পী দুগৰাকীয়ে অতি সুন্দৰকৈ অংকন কৰিছে ।