/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ranoj-pegu-13.jpg)
ডিজিটেল সংবাদ কোকৰাঝাৰ: মাতৃভাষা মাধ্যম প্ৰত্যাহাৰ কৰা নহয় আৰু এনে সিদ্ধান্ত চৰকাৰে নলয় । মাতৃভাষা মাধ্যমক শক্তিশালী কৰাৰ বাবেহে চৰকাৰে ব্যৱস্থা লৈছে আৰু যাৰ বাবেই দুটা বিষয় ইংৰাজীত পঢ়ুৱাব বিচৰা হৈছে । এই মন্তব্য প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। আজি কোকৰাঝাৰ ভ্ৰমনসূচীলৈ আহি অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উক্ত মন্তব্য প্ৰকাশ কৰিছে ।
বিটিচি সচিবালয়ত বিভিন্ন দল সংগঠন, ২৩ খন মহাবিদ্যালয়ৰ অধ্যক্ষৰ সতে শিক্ষা বিভাগৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ অন্তত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উক্ত মন্তব্য প্ৰকাশ কৰি মাতৃভাষা মাধ্যম আৰু দুটা বিষয় ইংৰাজীত পাঠদান বিষয়টোক লৈ অহা ১৮ আগষ্টত বিভিন্ন দল-সংগঠনৰ সতে আলোচনা অনুষ্ঠিত হ'ব বুলি সদৰি কৰিছে । আনহাতে টেট পাছ কৰিলেই চাকৰি নাপায় বৰং চাকৰিৰ বাবে আন উপযুক্ত অৰ্হতা লৈ আৱেদন হে কৰিব পাৰে বুলি মন্তব্য কৰি বি টি আৰত সময় সুযোগ মিলাই পৃথক কৈ টেট অনুষ্ঠিত কৰা হ'ব বুলি সদৰি কৰিছে।
আনহাতে বিদ্যালয় প্ৰাদেশীকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে, অসমত ২০১৭ চনৰ প্ৰাদেশীকৰণ আইন অনুসৰি ইতিমধ্যে প্ৰাদেশীকৰণ সম্পূৰ্ণ হ'ল । অৱশ্যে বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিদ্যালয় প্ৰাদেশীকৰণ বিবেচনা কৰা হ'ব আৰু প্ৰাদেশীকৰণৰ বাবে নিদিষ্ট চৰ্তসমূহ পূৰণ কৰিব লাগিব বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।
ইপিনে পৰ্যালোচনা বৈঠকৰ অন্তত প্ৰমোদ বড়োৱে কয় যে, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সতে বড়োলেণ্ড অঞ্চলৰ শিক্ষাৰ বিভিন্ন সমস্যাক লৈ আলোচনা কৰা হৈছে আৰু বৈঠকত গুণগত শিক্ষা প্ৰদানৰ বিষয়টোও স্থান লাভ কৰিছে। বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিদ্যালয় প্ৰাদেশীকৰণ কৰোতে বিদ্যালয়সমূহ প্ৰয়োজনভিত্তিত হ'ব লাগিব বুলি সদৰি কৰি প্ৰমোদ বড়োৱে কয় যে, প্ৰয়োজনত কৈ অধিক সংখ্যক বিদ্যালয় হ'লে বিদ্যালয়সমূহ বাচি থাকিব নোৱাৰে আৰু সমস্যাৰ হে সৃষ্টি কৰে ।
উল্লেখ্য যে, আজি বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা পৰ্যালোচনা বৈঠকত বিধায়ক লৰেঞ্চ ইছলাৰী , বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে, শিক্ষক সন্থা উপস্থিত থকাৰ লগতে ২৩ খন মহাবিদ্যালয়ৰ অধ্যক্ষ, শিক্ষা বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল । শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয় আদিও পৰিভ্ৰমণ কৰে ।
শিক্ষামন্ত্ৰীগৰাকী আজি কোকৰাঝাৰ আৱৰ্ত ভৱনতে নিশাটো কটাই দেওবাৰে ৰাতিপুৱা ধুবুৰীলৈ যাত্ৰা কৰিব আৰু অহা ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us