ওপজা দিনত ৰঞ্জু হাজৰিকাক ‘ৰহস্যৰ মহা মণিষী’ উপাধি প্ৰদান…

ওপজা দিনত ৰঞ্জু হাজৰিকাক ‘ৰহস্যৰ মহা মণিষী’ উপাধি প্ৰদান…

author-image
asomiyapratidin
New Update
ওপজা দিনত ৰঞ্জু হাজৰিকাক ‘ৰহস্যৰ মহা মণিষী’ উপাধি প্ৰদান…

ডিজিটেল ডেস্কঃ অসমীয়া ৰহস্য সাহিত্যৰ সম্ৰাট স্বৰূপ ৰঞ্জু হাজৰিকাৰ আজি ওপজা দিন। বিশিষ্ট সাহিত্যিকগৰাকীক ওপজা দিনটো কলিয়াবৰৰ চুলুঙুত উদযাপন কৰা হৈছে। এই অনুষ্ঠানতে ৰঞ্জু হাজৰিকাক প্ৰদান কৰা হৈছে 'ৰহস্যৰ মহা মনিষী' উপাধি।

Advertisment

কলিয়াবৰৰ চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনে ৰহস্য সাহিত্যৰ সম্ৰাটগৰাকীক এই উপাধি প্ৰদান কৰে। মাত্ৰ ১৫ বছৰ বয়সৰ পৰাই উপন্যাস লিখিবলৈ আৰম্ভ কৰা হাজৰিকাৰ ৭৫০ খনৰো অধিক গ্ৰন্থ প্ৰকাশ পাইছে।

১৯৫২ চনৰ ২৪ জুলাইত শোণিতপুৰ জিলাৰ মোনাবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰা হাজৰিকাই কল্প বিজ্ঞান, সামাজিক, শিশু সাহিত্য, অভিযানমূলক, জ্যোতিষ আদি বিষয়ত গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা, সাহিত্যক সমৃদ্ধি কৰিছে।