/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/RANJU-HAZARIKA-24.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: জীৱনৰ ৰহস্যঘন ৭৫ টা গ্ৰীষ্ম অতিক্ৰম কৰিলে ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাই। বহুৰূপীৰ পৰা বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালীলৈকে ৭৫০ খনৰো অধিক গ্ৰন্থৰ ৰচনাৰে বিৰামহীন বৰ্ণিল যাত্ৰা অব্যাহত ৰখা ৰহস্য সম্ৰাট গৰাকীৰ আজি ৭৫ সংখ্যক ওপজা দিন ৷ সেয়েহে কলিয়াবৰত শৈশৱ পাৰ কৰা ৰহস্য সম্ৰাট গৰাকীৰ ওপজা দিন উপলক্ষে কলিয়াবৰৰ চুলুঙত চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে ওপজা দিনটোতে আয়োজন কৰিলে বৰ্ণিল অনুষ্ঠানৰ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/8f44bd34-e0bd-4026-b7fc-ca3c52786eae-1024x768.jpg)
ওপজা দিন উপলক্ষে ৰহস্য সাহিত্যিক গৰাকীয়ে জীৱনৰ বহু কেইটা বসন্ত অতিবাহিত কৰা মোনাবাৰী চাহ বাগিছা, প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱ বোধ কৰা শিলঘাটস্থিত কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰমুখ্য বিভিন্ন দল-সংগঠন,অনুষ্ঠান,ব্যক্তিয়ে শুভকামনা জ্ঞাপন কৰে ৰহস্য সম্ৰাটক। পুৱা মাংগলিক পূজা-অৰ্চনাৰে আৰম্ভ হয় ৰহস্য সাহিত্যিক গৰাকীৰ ওপজা দিনৰ কাৰ্যসূচী।
ইয়াৰ পিছতে গুণমুগ্ধসকলৰ উপস্থিতিত গছ পুলি ৰোপন কৰাৰ লগতে পাৰ চৰাই আৰু বেলুন উৰুৱাই জন্মদিন উদযাপন ৰঞ্জু হাজৰিকাৰ। কলিয়াবৰৰ চুলুঙৰ গ্ৰীণ আছিয়ানা পেলেচত আয়োজিত ওপজা দিনত জনপ্ৰিয় উপন্যাস জুলুৰ বেটুপাত অংকিত কেক কাটি বিভিন্নজনৰ শুভেচ্ছা গ্ৰহণ কৰে জনপ্ৰিয় সাহিত্যিক গৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/656a1532-82ce-40bd-8015-c6f07d79cbbb-1024x768.jpg)
ওপজা দিনত অতীত সুঁৱৰি নষ্টালজিক হ'ল জীৱনৰ ৭৫টা বৰ্ষ অতিক্ৰম কৰি বৰ্ণিল অভিজ্ঞতা অৰ্জন কৰা সাহিত্যিক গৰাকীয়ে। বিভিন্ন জনৰ উস্ম আদৰণি, শুভেচ্ছা গ্ৰহণ কৰি আহ্লাদিত হৈ পৰা ৰঞ্জু হাজৰিকাই ভাষণ প্ৰসংগত কয়- ১৫ বছৰ বয়সৰ পৰা ৭৫ বছৰ বয়সলৈকে নিৰবিচ্ছিন্ন ভাৱে ৬০ বছৰ ধৰি সৃষ্টি-সাধনত ব্ৰতী হৈ আজি এনে মধুৰ সন্ধিক্ষণত এনেদৰে আহি উপস্থিত হম বুলি ভৱাই নিছিলো ৷ লগতে তেঁও তেঁওৰ সৃষ্টিৰাজিক লৈ পৃথকে পৃথকে চাৰিখনকৈ সাহিত্য সংকলন প্ৰকাশ হোৱাটো গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে ৷
অসমীয়া ৰহস্য সাহিত্যত এক বিৰামহীন যাত্ৰাৰে বহুৰূপীৰ পৰা বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালীলৈকে ৭৫০ খনতকৈয়ো অধিক অসমীয়া গ্ৰন্থৰ ৰচনাৰে কিম্বদন্তীত পৰিণত হোৱা ৰহস্য সাহিত্যিকগৰাকীৰ জন্ম দিৱস উপলক্ষে সাহিত্যিকগৰাকীৰ দ্বাৰা ৰচিত গ্ৰন্থ সমূহৰ লগতে বিগত ৫০ বছৰ ধৰি সাহিত্যিকগৰাকীয়ে ব্যৱহাৰ কৰা কলম সমূহৰ এক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/ca8812d5-381a-446e-971a-7d41286312ef-1024x768.jpg)
অনুষ্ঠানত অধ্যাপক ড০ দিলীপ বৰা, ড০ চাৰু চহৰীয়া নাথকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ভাষণ প্ৰসংগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ বৰাই ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ সৃষ্টি-কৰ্মৰাজি আলোকপাত কৰি কয়- ৰহস্য সাহিত্যৰ উচিত মূল্যায়ন আজিও হৈ উঠা নাই ৷ মাথো কিতাপ লিখিয়েই জীৱন নিৰ্বাহ কৰাটো কিমান কঠিন সেয়া সহজেই অনুমেয় ৷ ৰঞ্জু দা ভাৰতবৰ্ষৰ ভিতৰতে একমাত্ৰ ব্যক্তি যি গৰাকী ব্যক্তিয়ে ৭৫০ খন কিতাপ লিখি উলিয়াবলৈ সক্ষম হৈছে ৷ তথাপিও সাহিত্যৰ ক্ষেত্ৰখনত তেঁওক একাষৰীয়াকৈ থোৱা যেন অনুভৱ হয় ৷ বিভিন্ন বঁটা লাভ অথবা সাহিত্য সভাৰ সভাপতি হোৱাটো ডাঙৰ কথা নহয় বৰঞ্চ মানুহৰ অন্তৰত স্থান পোৱাটোহে ডাঙৰ কথা ৷ চিত্ৰ কল্প নিৰ্মান,কাহিনী নিৰ্মানৰ দক্ষতা,শব্দৰ খেলা যাদুৰে ৰঞ্জু দাই অসমৰ জনসাধাৰনৰ আত্মাত যিধৰনে নিগাজি স্থান দখল কৰিলে সেয়া অতুলনীয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/64e61b7c-c0bd-482d-af75-dd885da5dcef-786x1024.jpg)
লগতে তেঁও ৰঞ্জু হাজৰিকাৰ ৰচনা সম্ভাৰৰ বিষয়ে একাডেমিক গৱেষনাৰ প্ৰয়োজন আছে বুলি সদৰী কৰে ৷ সভাত তেজপুৰ মহাবিদ্যালয় অৱসৰ প্ৰাপ্ত অধ্যক্ষা তথা অসম লেখিকা সমাৰোহৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথে ৰহস্য সাহিত্যিক গৰাকীৰ ৰচনা সৃষ্টি ৰাজি আলোকপাত কৰি কয়- তেঁওৰ সাহিত্যত বিশাল ব্যক্তিত্ব, সততা, স্বাধীনতা আদি বিভিন্ন দিশ বিচাৰি পোৱা যায় ৷ প্ৰকৃততে বিশ্ববিদ্যালয়,মহাবিদ্যালয় সমূহত তেঁওৰ ৰচনা,সৃষ্টিৰাজি সমূহ গৱেষনা হ'লেহে তেঁওৰ প্ৰতি উচিত মূল্যায়ন কৰা হ'ব বুলি মন্তব্য কৰে ৷ লগতে তেওঁ ৰঞ্জু হাজৰিকা শীৰ্ষক এখন অভিনন্দন গ্ৰন্থ প্ৰকাশৰো গুৰুত্ব প্ৰদান কৰে ৷
ৰহস্য সম্ৰাট গৰাকীৰ ৭৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও শিল্পী-সাহিত্যিকক এই অনুষ্ঠানতে চলিত বৰ্ষৰ বাবে ৰঞ্জু হাজৰিকা বৰেন্য বঁটা আগবঢ়ায় চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেচনে। সংগীত ক্ষেত্ৰত দীক্ষু, প্ৰিয়ংকা ভঁৰালী, সাহিত্য ক্ষেত্ৰত নিতুল চাংমাই,লেখক-সাহিত্যিক মাধুৰ্য মণ্ডিত বৰুৱা,ভাস্কৰ্য শিল্পী মঞ্জিত বৰুৱা, অভিনয়ৰ ক্ষেত্ৰত কেনী বসুমতাৰী, মনিকাঞ্চন কোঁৱৰ আৰু শিশু শিল্পী নয়নমনি মুৰাক প্ৰদান কৰা হয় ৰঞ্জু হাজৰিকা বৰেণ্য বঁটা৷