গৃহসমষ্টি সৰভোগত ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন, হাঁহি-হাঁহি গামোচা দেখুৱালে বিজেপিৰ সভাপতিগৰাকীয়ে, VIDEO

গৃহসমষ্টি সৰভোগত ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন, হাঁহি-হাঁহি গামোচা দেখুৱালে বিজেপিৰ সভাপতিগৰাকীয়ে, VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদৰ। বিভিন্ন স্থানত বিজেপি নেতা-মন্ত্ৰীক ক'লা পতাকা দেখুৱাই কাৰ বিৰোধ কৰিছে প্ৰতিবাদী জনতাই। ক'লা পতাকাৰ পৰা সাৰি যোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো। দেওবাৰে পুনৰ ৰঞ্জিত দাসক আছুৱে ক'লা পতাকা দেখুৱালে গৃহ সমষ্টি সৰভোগত।

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক ক'লা পতাকা দেখুৱাই আছুৰ একাংশ প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগান দিয়ে। কাৰ বিৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা লোকসকলে বিজেপি গ' বেক ধ্বনিও দিয়ে। ইফালে ক'লা পতাকা দেখুওৱাৰ পিছতে হাঁহি হাঁহি প্ৰতিবাদকাৰীক ফুলাম গামোচাৰে অভিবাদন জনালে ৰঞ্জিত দাসে।

উল্লেখ্য যে, সৰভোগত শংকৰদেৱ সংঘৰ বৰপেটা জিলাৰ বাৰ্ষিক অধিৱেশনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি আহি আছিল বিজেপিৰ সভাপতিগৰাকী। ইয়াৰ পূৰ্বে কেইদিনমান আগতে পাঠশালাত বিজেপিৰ কাৰ্যকৰ্তা এগৰাকীৰ ঘৰলৈ যোৱাৰ সময়তো প্ৰতিবাদকাৰীয়ে ক'লা পতাকা দেখুৱাৰ সময়ত ৰঞ্জিত দাসে গামোচা দেখুৱাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in