দোভাগ নিশা বিনা পইছাত মোবাইল লাগে অভয়াপুৰীৰ ৰঞ্জন কলিতাক

দোভাগ নিশা বিনা পইছাত মোবাইল লাগে অভয়াপুৰীৰ ৰঞ্জন কলিতাক

ডিজিটেল সংবাদ, অভয়াপুৰীঃ মাজনিশা বিনা পইছাত মোবাইল কিনিবলৈ আহি ভালকৈ এসেকা লাভ কৰে ৰঞ্জন কলিতাই। দিনৰ ভাগত সময় নোপোৱা ৰঞ্জনে দোভাগ নিশা হাতত সাৰে-ভৰিত সাৰে উপস্থিত হৈছিল অভয়াপুৰী বজাৰৰ মোবাইলৰ এখন দোকানত।

পিছে দোকানখনত কোনো নাছিল। দোকান বাদেই, দোভাগ নিশা সমগ্ৰ অভয়াপুৰী বজাৰতেই পৰুৱা এটাও নাছিল। তাৰেই সুযোগ গ্ৰহণ কৰি
বিনা পইচাত মোবাইল ল'বলৈ বুলি 'মিনি মোবাইল হাউছ' নামৰ দোকানখনৰ দুৱাৰ ভাঙিবলৈ চেষ্টা চলায়।

দোকানৰ দুৱাৰ ভঙাৰ চেষ্টা চলাওতে হোৱা শব্দ শুনি টোপনিৰ পৰা সাৰ পাই উঠে কাষতে থকা কেবাটাও পৰিয়ালৰ দুই-এজনে। সাৰ পাইয়ে শব্দৰ উৎসৰ সন্ধান কৰি নিশা মোবাইল কিনিবলৈ অহা ৰঞ্জনক হাতে-লোটে ধৰা পেলায়।

ক্ষুব্ধ ৰাইজে দুৰ্ধৰ্ষ চোৰ ৰঞ্জনক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায় পিছত আৰক্ষীক গতাই দিয়ে। উল্লেখ্য যে, অভয়াপুৰী আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ বিগত কিছুদিন ধৰি ধাৰাবাহিকভাৱে অভয়াপুৰী বজাৰত চোৰে লুটপাত চলাই আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in