ৰঙিয়াৰ খন্দিকৰত ৩ হত্যাকাৰী আটক

ৰঙিয়াৰ খন্দিকৰত ৩ হত্যাকাৰী আটক

author-image
asomiyapratidin
New Update
ৰঙিয়াৰ খন্দিকৰত ৩ হত্যাকাৰী আটক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ কিছু দিন পূৰ্বে ৰঙিয়াৰ খন্দিকৰত সংঘটিত হৈছিল এক হত্যাকাণ্ড। উক্ত হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত তিনিজনকৈ লোকক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩০ জুলাইত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল আনচাৰ আলী নামৰ লোক এজনৰ। আটকাধীন হত্যাকাৰী কেইজন ক্ৰমে- বাক্সাৰ খন্দিকৰৰ মনিৰ আলী, আব্দুল খালেক আৰু চায়েফুদ্দিন আহমেদ। ইফালে, ঘটনাৰে জড়িত আন এজন হত্যাকাৰী বৰ্তমানেও পলাতক। ইতিমধ্যে পলাতক হত্যাকাৰী জনক আটক কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তোলা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।