কামপুৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰামধেনু গোষ্ঠীৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

কামপুৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰামধেনু গোষ্ঠীৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ ,কামপুৰ: নগাঁও জিলাৰ কামপুৰৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰামধেনু গোষ্ঠীৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ভাগ ২১ জানুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হৈ যায় । শিক্ষাবিদ ,সমাজ সংগঠক ,শৰনা চাৰ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক নিষ্ঠ সেৱক নৰাম বৰাৰ সোঁৱৰণত অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগীতা ।প্ৰায় দুশৰো অধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাত কামপুৰ অঞ্চলৰ বিদ্যালয় সমূহৰ ছাত্র ছাত্ৰী সকলে ভাগ লয় ।

পুৱাৰ ভাগত ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকণ ,কবিতা আবৃত্তি আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছত দুপৰীয়া অনুষ্ঠিত হয় সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান ।ৰামধেনু গোষ্ঠীৰ সভাপতি তথা কামপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সভাৰাম মজুমদাৰৰ সভাপতিত্বত অনুষ্ঠিত উক্ত অনুষ্ঠানত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰামধেনু গোষ্ঠীৰ সম্পাদক প্ৰদ্যুম্ন বৰাই ।

উক্ত সভাত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ,নগাঁও তথা কামপুৰ তেঁতেলীসৰা আৰু পুঠিমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ভাস্কৰ শিখা শইকীয়া আৰু বিটু বৈশ্যক ৰামধেনু গোষ্ঠীৰ তৰফৰ সম্বৰ্ধনা জনোৱা হয় । উক্ত অনুষ্ঠানতে কামপুৰ অঞ্চলৰ সামাজিক ,ধৰ্মীয় ,শিক্ষা আৰু সাংস্কৃতিক দিশলৈ আগবঢ়োৱা মহান সেৱাৰ বাবে শিক্ষাবিদ ,শৰণাচায প্ৰয়াত নৰাম বৰা দেৱৰ সোঁৱৰণত ছয়জন বৰেণ্য ব্যক্তিক ২০২৩ বৰ্ষৰ বঁটা প্ৰদান কৰা ।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ,কামপুৰ জিলা শাখাৰ সভাপতি ,শিক্ষাবিদ মুণীন্দ্ৰ নাথ বৰাদেৱক শংকৰী সংস্কৃতি সাধক বঁটা ,ভাস্কৰ্য শিল্পী ,কবি ,লেখক চন্দ্ৰ বৰাক কামপুৰ গৌৰৱ শিল্পী প্ৰাণ বঁটা , কবি ,সাহিত্যিক প্ৰবন্ধকাৰ প্ৰমোদ বৰাক কামপুৰ ৰত্ন বঁটা , সমাজসেৱক, ধৰ্মপ্ৰৰায়ন গায়ন ধৰ্মকান্ত লস্কৰক সমাজ হিতৈষী বঁটা, গায়ন ,বায়ন সমাজসেৱক সিন্ধুৰা বৰা বাপক শংকৰী বাদ্য বিশাৰদ বঁটা , কবি ,লেখক প্ৰকৃতি প্ৰেমী ধৰণী শইকীয়াক প্ৰকৃতি বন্ধু বঁটা প্ৰদান কৰা হয় । উক্ত সভাতে জোনটি লস্কৰৰ "নিজ নাৰিকলি গাঁওৰ ইতিহাসত এভুমুকি " নামৰ গ্ৰন্থখনি উন্মোচন কৰে কামপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মাধৱ লস্কৰে ।

কামপুৰৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান ৰামধেনু গোষ্ঠীৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস
দলবদ্ধ ধৰ্ষণ, পৰিয়ালৰ ৭ জন লোকক হত্যাঃ বিলকিছ বানো কাণ্ডৰ ১১ জনৰ আত্মসমৰ্পন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in