দিল্লীলৈ যাব কোন? কোনে পাব টিকট, কোনে মাৰিব শেষ হাঁহি? চাওঁক সবিশেষ…

দিল্লীলৈ যাব কোন? কোনে পাব টিকট, কোনে মাৰিব শেষ হাঁহি? চাওঁক সবিশেষ…

ডিজিটেল ডেস্কঃ সমাগত ৰাজ্যসভাৰ নিৰ্বাচন। ৰাজ্যসভাৰ অসমৰ ২ খনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন। ইতমধ্যে এই ২ আসনৰ নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। শাসনাধিস্থ বিজেপি মিত্ৰজোঁট আৰু বিৰোধী কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সহযোগত এই ২ আসনৰ যুঁজৰ বাবে সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

মন কৰিবলগীয়া যে বিজেপিয়ে দুয়োখন আসনতে প্ৰতিদ্বন্দিতা আগবঢ়াব যদিও দলটোৰ দুয়োখন আসন দখল কৰিব পৰাকৈ এই মুহূৰ্তত শক্তি নাই। অৱশ্যে এখন আসনত বিজেপিৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত হৈ আছে। আনহাতে কংগ্ৰেছে এখন আসনৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াব যদিও নিজাকৈ দলটোৱে এই এখন আসনত জয়লাভ কৰাৰ শক্তি নাই।

সেয়েহে এই এখন আসনত জয়লাভ কৰিবলৈ কংগ্ৰেছক প্ৰয়োজন এ আই ইউ ডি এফৰ সম্পূৰ্ণ সমৰ্থন। ২০২১ ৰ বিধানসভাৰ পূৰ্বে কংগ্ৰেছ, এ আই ইউ ডি এফে আন আন বিৰোধীদলৰ সৈতে মহাজোঁট গঠন কৰিছিল যদিও ইতিমধ্যে কংগ্ৰেছে এই মহাজোঁট ভংগ কৰাৰ কথা ঘোষণা কৰিছে। সেয়েহে এই মুহূৰ্তত এ আই ইউ ডি এফে কংগ্ৰেছক পূৰ্ণ সমৰ্থন আগবঢ়াব নে নাই সেই বিষয়ে স্পষ্ট হোৱা নাই।

মন কৰিবলগীয়া যে, এ আই ইউ ডি এফে শেহতীয়াকৈ এক সুবিধাজনক স্থিতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। দলটোৱে পূৰ্বৰ দৰে বিজেপিক আক্ৰমণ কৰাৰ পৰা বিৰত আছে। আনহাতে এ আই ইউ ডি এফৰ নেতৃত্বই বিজেপি চৰকাৰ কাম-কাজক সমৰ্থন কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে একাংশ বিজেপি নেতাই এ আই ইউ ডি এফক সমালোচনা কৰি আহিলেও এ আই ইউ ডি এফে বিজেপিক যে বহু ক্ষেত্ৰত সহায় কৰি আহিছে সেই কথা প্ৰমাণ হৈছে। পৌৰ সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী ড০ শৰ্মাক মুকলিকৈ প্ৰশংসা কৰাৰ লগতে বিজেপি চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰিছে।

ইফালে অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্ব এই মুহূৰ্তত ৰাজ্যসভাৰ এখন আসনত জয়ী হ'ব পাৰিব নে নাই তাক লৈও সন্দিহান হৈ আছে। কিয়নো কংগ্ৰেছৰ বহু কেইজন বিধায়কে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগত সম্পৰ্ক বজাই ৰখাৰ লগতে বিজেপিৰে সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে। খবৰ অনুসৰি বহু কেইজন বিধায়কে বিজেপিত চামিল হ'বলৈ ইচ্ছাও প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইতিপূৰ্বে দুয়োখন আসনত কিদৰে জয় লাভ কৰিব তাৰ ফৰ্মূলাও আগবঢ়াইছে। এ আই ইউ ডি এফৰ ভোট নালাগে বুলি মুকলিকৈ প্ৰকাশ কৰি তেওঁ পূৰ্বে বিধায়কসকলক কৰি থোৱা সহায়েই এই নিৰ্বাচনত বিজেপিৰ জয়ৰ শক্তি হ'ব বুলি উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্পষ্টকৈ উল্লেখ কৰিছে বহু কংগ্ৰেছ বিধায়ক যদিও কংগ্ৰেছত আছে তেওঁলোকৰ মন, মগজুত বিজেপি আছে। বিজেপিৰ সৈতে তেওঁলোক চামিল হ'বলৈ আগ্ৰহী।

ইফালে বিপিএফে কংগ্ৰেছৰ সৈতে সম্পৰ্ক শেষ কৰি বিজেপিৰ সৈতে মিত্ৰতা গঢ়ি তুলিছে। এই বুজাবুজিৰ মিত্ৰতা জৰিয়তে বিপিএফে বিজেপিক সহযোগিতা আগবঢ়াই আহিছে। গতিকে বিপিএফৰ শক্তি যে ৰাজ্যসভাত বিজেপিৰ সৈতে চামিল হ'ব সেইটো নিশ্চিত।

এ আই ইউ ডি এফৰ নেতৃত্বই এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে তেওঁলোকৰ এজন সদস্যক ৰাজ্যসভালৈ প্ৰেৰণৰ ইচ্ছা প্ৰকাশ কৰিছে। ইতিমধ্যে এই বিষয়ত আলোচনাও হৈছে। এ আই ইউ ডি এফৰ এই ইচ্ছাৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। অসম প্ৰদেশ কংগ্ৰেছে এ আই ইউ ডি এফক ৰাজ্যসভাৰ আসনখন এৰি নিদিয়াটো নিশ্চিত।

এনে পৰিস্থিতিত অসম প্ৰদেশ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ নেতৃত্বৰ মাজত দূৰত্ব বাঢ়িছে। বদৰুদ্দিন আজমলে মুকলিকৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ওপৰত বিশ্বাস নাই বুলি প্ৰকাশ কৰি তেওঁ ছোনিয়া গান্ধীক সাক্ষাত কৰাৰ কথা ঘোষণ কৰিছে।

৩১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যসভাৰ এই দুয়োখন আসনতে বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছ তথা বিৰোধী পক্ষই কাক প্ৰাৰ্থীত্ব প্ৰদান কৰে সেই বিষয়ে ৰাজহুৱা ঘোষণা কৰা নাই যদিও কংগ্ৰেছৰ পূৰ্ব সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই পুনৰ এবাৰ ৰাজ্যসভালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ ইয়াৰ বাবে মনোনয়ন সংগ্ৰহো কৰিছে।

আনহাতে বিজেপিয়েও দুখন আসনৰ বাবে প্ৰাৰ্থীৰ সন্ধানত আছে। এতিয়াও দলটোৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। অৱশ্যে এই দুয়োখন আসনৰ বাবে ৰাজ্যিক বিজেপিৰ নেতৃত্বই ৩ জন ব্যক্তিৰ নাম দিল্লীলৈ প্ৰেৰণ কৰিছে। এই ৩ জন ব্যক্তিৰ মাজত আছে মবিত্ৰ মাৰ্ঘেৰিটা, পুলক গোঁহাই আৰু সুভাষ দত্ত। জানিব পৰা মতে প্ৰথমখন আসনৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম প্ৰেৰণ কৰিছে আৰু তেওঁকেই দলে টিকট দিয়াটো প্ৰায় নিশ্চিত।

মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতে ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিৰ বিভিন্ন নিগম, নিকায় সমূহৰ অধ্যক্ষ নিয়োগ কৰিছিল। তাৎপৰ্যপূৰ্ণ ভাৱে মুখ্যমন্ত্ৰী ড০ শৰ্মাই পবিত্ৰ মাৰ্ঘেৰিটাক এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল। তেওঁক ক্ৰীড়া আৰু যুৱকল্যাণ বিবাগৰ সদস্য সচিব হিচাপে নিয়োগ কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে এই পদত পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ বুলি পৰিচিত বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ আছিল। তেওঁক সৰ্বানন্দ সোণোৱালে নিয়োগ কৰিছি। সেই ফালৰ পৰা পবিত্ৰ মাৰ্ঘেৰিটা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ অতি ঘনিষ্ঠ বুলি বিবেচিত হৈছে।

আনহাতে আন এখন আসনৰ বাবে পুলক গোঁহাই আৰু সুভাষ দত্তৰ নাম প্ৰেৰণ কৰিছে। ইয়াৰ উপৰিও বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতাই ৰাজ্যসভালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰি আৱেদন কৰিছে। সেই আৱেদনসমূহ ৰাজ্যিক বিজেপিৰ নেতৃত্বই দিল্লীলৈ প্ৰেৰণ কৰিছে। তেনেদৰে আৱেদন কৰা বিজেপি নেতাসকল ক্ৰমে ৰমেন ডেকা, বিজয় গুপ্তা আৰু শান্তি গগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in