/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/RAJU-SAMIRON.jpg)
ডিজিটেল সংবাদ নগাঁও: অসমৰ ভয়াবহ বান বিভীষিকাক সমল কৰি যুৱ লেখক, সাংবাদিক ৰাজু সমীৰণে লিখি উলিওৱা "জলপ্ৰলয়" গ্ৰন্থখন দেওঁবাৰে কামপুৰ স্বৰাজ ভৱনত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। কমল -কিৰণ গ্ৰন্থালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে কামপুৰৰ শিক্ষাবিদ সুধাময় দাসে। গ্ৰন্থখনি উন্মোচন কৰে কামপুৰৰ চাৰিজনকৈ জ্যেষ্ঠ সাংবাদিক ক্ৰমে সভাৰাম মজুমদাৰ, মোলান লস্কৰ, নীলকমল শইকীয়া আৰু নলিনী বৰঠাকুৰে।
গ্ৰন্থ উন্মোচন কৰি সভাৰাম মজুমদাৰে সাংবাদিক ৰাজু সমীৰণে গ্ৰন্থখন ৰচনা কৰি এক ঐতিহাসিক সমল অসমবাসীক দিয়া বুলি মন্তব্য কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট কবি, সাহিত্যিক ড° নন্দ সিং বৰকলা, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ, কামপুৰ পৌৰসভাৰ পৌৰপতি ধৰিত্ৰী বৰুৱা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰান বৰুৱা, সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য, সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ নতুন কবিতাৰ সম্পাদক মদাৰজ্যোতি, কবি নিলাভ সৌৰভ, নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, "ৰণাংগন" আলোচনীৰ সম্পাদক মিন্টু দাস, অশোক ৰাম ভট্টাচাৰ্য, নগাঁও সদৰ কবি সন্মিলনৰ সম্পাদক কবিতা বৰা,হোজাই জিলা সাহিত্য সভাৰ সম্পাদক বিৰাজ কুমাৰ বৰা, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি ত্ৰিদিৱ লস্কৰ,কামপুৰ শাখা সাহিত্য সভাৰ সভাপতি লক্ষীকান্ত নাথ,সম্পাদক শৰৎ গোস্বামী, কামপুৰ আঞ্চলিক কবি সন্মিলনৰ সভাপতি গুণ কাকতী, যুৱ লেখক গিৰিশংকৰ গোস্বামী,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি।
নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰি বিশিষ্ট কবি ড° নন্দ সিং বৰকলাই যুৱ লেখক ৰাজু সমীৰণৰ প্ৰয়াসক শলাগ লৈ "জলপ্ৰলয় " গ্ৰন্থখন এখন দলিল হৈ ৰ'ব বুলি মন্তব্য কৰে। আনহাতে অসমীয়া -ভাষা সংস্কৃতি চহকী কৰাৰ ক্ষেত্ৰত নৱপ্ৰজন্মই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগে বুলি মন্তব্য কৰে। সাহিত্যিক গৰাকীয়ে অসমৰ বান সমস্যা বিজ্ঞান সন্মত ভাৱেহে সমাধান সম্ভৱ বুলি মন্তব্য কৰে।
সভাখনিত ৰাজু সমীৰণৰ কথাৰে অঞ্জন ভূঞাৰ সুৰ আৰু কণ্ঠত "বানে ধোৱা চকুলো " শীৰ্ষক এটি দৃশ্যশ্ৰব্য গীতৰ শুভমুক্তি দিয়া হয়।গীতটো মুকলি কৰে সংগীত শিল্পী গগন বৰুৱাই।সভাখনত কামপুৰৰ শতাধিক সাহিত্যনুৰাগী উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us