ঐতিহাসিক ৰাজগড় আলিৰ দুৰাৱস্থা, বালিজান নৈত আৱদ্ধ বলেৰ’

ঐতিহাসিক ৰাজগড় আলিৰ দুৰাৱস্থা, বালিজান নৈত আৱদ্ধ বলেৰ’

author-image
asomiyapratidin
New Update
ঐতিহাসিক ৰাজগড় আলিৰ দুৰাৱস্থা, বালিজান নৈত আৱদ্ধ বলেৰ’

ডিজিটেল সংবাদ,গহপুৰঃ অসম-অৰুণাচল সীমান্তৰ বালিজান-ৰাজগড়-ইটানগৰ সংযোগী ৰাজগড় আলি পথত থকা বালিজান নৈ পাৰ হ'বলৈ চেষ্টা কৰোঁতে আজি এখন বলেৰ' পানীত আৱদ্ধ হৈ পৰে। পিছত স্থানীয় ৰাইজে এখন টেক্টৰৰ সহায়ত বলেৰ'খন নিৰাপদ স্থানলৈ আনে।

উল্লেখ্য যে, ৰাজগড় আলিৰ বালিজান নৈৰ ওপৰত আজি পৰ্যন্ত নিৰ্মাণ হোৱা নাই কোনো দলং। যাৰ বাবে মৰণক শৰণ দি নিতৌ নদীখনৰ ওপৰেৰে পাৰ হয় শ শ বাহনৰ লগতে অৰুণাচল আৰু সীমান্তৱৰ্তী অসমৰ ৰাইজ।

বিশেষকৈ অৰুণাচলৰ পাপুমপাৰে জিলাৰ বালিজান এডিচিৰ অন্তর্গত অৰুণাচলৰ ৰাইজ এই ঐতিহাসিক ৰাজগড় আলিৰে ইটানগৰলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।