
ডিজিটেল সংবাদ, জাগীৰোডঃ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি২০২০ অনুসৰি ২০৩৫চনৰ ভিতৰত ৰাজ্যখনৰ উচ্চশিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ ৫০ শতাংশলৈ বৃদ্ধি কৰিবলৈ হ'লে মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদিহে সম্ভৱপৰ হ'ব বুলি মন্তব্য আগবঢ়াই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসে।
এক বিশেষ কাৰ্যসূচীত জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হোৱা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য গৰাকীয়ে জাগীৰোড মহাবিদ্যালয়য়েনাকৰ শেহতীয়া সমীক্ষাত A+ গ্ৰেড পোৱাৰ বাবে শলাগ লয়। তেখেতে A+ পোৱা মহাবিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলক সৌভাগ্যবান বুলি উল্লেখ কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষাৰ যোগেদি মহাবিদ্যালয়খনত নামভৰ্তি কৰা শিক্ষাৰ্থী সকলকো এটা ভাল অধ্যয়ন কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰা বুলি উৎসাহিত কৰে।
উপাচাৰ্য অধ্যাপক ড৹ দাসে মহাবিদ্যালয়খনৰ পৰীক্ষা কেন্দ্ৰটোৰ পুণৰ আৱন্টন দিয়াৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। তেখেতে লগতে কয় যে ৰাজ্যখনৰ উচ্চ শিক্ষাৰ মুঠ পঞ্জীয়নৰ হাৰ বৃদ্ধিৰ বাবে দূৰ আৰু মুক্ত শিক্ষাৰ বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখি আহিছে। চলিত শৈক্ষিক বৰ্ষত বিশ্ববিদ্যালয়খনে ৰাজ্যখনৰ মুঠ এক লাখ শিক্ষাৰ্থীক বিশ্ববিদ্যালয়খনৰ বিভিন্ন পাঠ্যক্ৰমৰ সৈতে সামৰি লোৱাৰ লক্ষ্য আগত ৰাখিছে।
এই উদ্দেশ্য আগত ৰাখিয়ে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হিচাপে দায়িত্বভাৰলৈয়ে তেখেতে নিজা নেতৃত্বত এটা শৈক্ষিক দল লগত লৈ দূৰ আৰু মুক্ত শিক্ষাৰ পৰা গ্ৰহণ কৰা ডিগ্ৰী আৰু অন্যান্য ৰেগুলাৰ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰা ডিগ্ৰীৰ যে কোনো পাৰ্থক্য নাই সেই বিষয়ে অসমৰ বিভিন্ন মহাবিদ্যালয়লৈ গৈ আছে বুলি উল্লেখ কৰে। সভাত উপাচাৰ্য অধ্যাপক দাসৰ উপৰিও অধ্যয়নকেন্দ্ৰ সমূহৰ ডীনড° দিব্যজ্যোতি মহন্ত আৰু বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড° নবাংকুৰ পাঠকো উপস্থিত থাকে।
জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ আৰু মহাবিদ্যালয়খনৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰটোৰ সমন্বয়ক হিমাংশু হালৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত মহাবিদ্যালয়খনৰ অধ্যয়ন কেন্দ্ৰটোক উৎসাহিত কৰিবলৈ অহা বুলি মন্তব্য কৰি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰিবলৈ আহ্বান জনায়।
লগতে মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যয়ন কেন্দ্ৰটোৰ সমন্বয়কগৰাকীক বিভিন্ন কাৰণত উচ্চ শিক্ষাৰ পৰা বঞ্চিত অঞ্চলটোৰ সৰ্বস্তৰৰ লোকক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হ'বলৈ সজাগতা সৃষ্টিৰ বাবে বিভিন্ন পদক্ষেপ ল'বলৈ তেখেতে পৰামৰ্শ আগবঢ়ায়। সমান্তৰালভাৱে মহাবিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থীসকলকো দ্বৈত ডিগ্ৰীৰ সুযোগ গ্ৰহণ কৰাৰ বাবেও সজাগতা সৃষ্টিৰ আহ্বান জনায় অধ্যয়ন কেন্দ্ৰসমূহৰ ডীনড° দিব্যজ্যোতি মহন্তই।
মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে তেখেতৰ আদৰণি ভাষণত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, ডীন সমন্বিতে অন্যান্য সকলক জাগীৰোড মহাবিদ্যালয়লৈ স্বাগতম জনায়। তেওঁ কয় যে মহাবিদ্যালয়খনে ইয়াত প্ৰচলিত হৈ থকা তিনিটা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম, চাৰিটা স্নাতক পাঠ্যক্ৰম আৰু এটা স্নাতকোত্তৰ পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰি থকা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভিন্ন বিষয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গুণগত শিক্ষাৰ প্ৰসাৰৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে। তেখেতৰ ভাষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক নিজৰ নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগতে সমাজৰ আন দহজনৰ কেনেকৈ উপকাৰ সাধন কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় আৰু দূৰ আৰু মুক্ত শিক্ষাৰ পৰা অহা সুযোগ গ্ৰহণ কৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।