মই নিৰ্বাচন নেখেলোঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘোষণা

মই নিৰ্বাচন নেখেলোঃ কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘোষণা

author-image
asomiyapratidin
New Update
ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইলৈ আদালতৰ চমন জাৰি

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে নেখেলে নিৰ্বাচন। তেওঁ নিজে গ্ৰহণ কৰা এই সিদ্ধান্তৰ কথা কিছু সময় পূৰ্বে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক টেলিফোনত নিজে জনালে বিগত ৪ টা কাৰ্যকালৰ নগঞা প্ৰভাৱশালী সাংসদ গৰাকীয়ে। বিজেপি তথা আৰ এছ এছৰ অতি পুৰণি নেতাগৰাকীয়ে তেওঁ গ্ৰহণ কৰা এনে সিদ্ধান্তৰ কাৰণ অৱগত কৰি কয়, 'মোৰ বিৰুদ্ধে নগাঁৱৰ এগৰাকী মহিলাই তেওঁক নিৰ্যাতন চলোৱা বুলি দাখিল কৰা গোচৰ এতিয়াও নিষ্পত্তি হোৱা নাই। যদিও মহিলাগৰাকীয়ে উত্থাপন কৰা অভিযোগ সত্য নহয়, তথাপিও আদালতৰ বিচাৰে মোক দোষমুক্ত নকৰা পৰ্যন্ত নীতিগতভাৱে মই নিজকে এনে পৰিস্থিতিত নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰি মোৰ প্ৰাণতকৈও আপোন বিজেপি দলটোক নিৰ্বাচনৰ সময়ত অস্বস্তিত পেলাব বিচৰা নাই। নিৰ্বাচন আয়োগেও এনেবোৰ বিষয়ত এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰি সকলো প্ৰাৰ্থীয়ে সময়ে সময়ে বিজ্ঞাপন যোগে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত প্ৰচাৰ কৰিব লাগিব বুলি নিৰ্দেশনা দি থৈছে। সেয়ে মই দলৰ স্বাৰ্থত আৰু মূল্যবোধৰ ৰাজনীতিক সন্মান জনাই আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছো। আৰু ক্ষন্তেক পিছতে মোৰ বাসভাৱনত আহ্বান কৰা সংবাদ মেলত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে সদৰি কৰিম।'

Advertisment

উল্লেখযোগ্য যে, 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে বিগত সময়ৰ কেইবাটাও বাতৰিত সমাগত নিৰ্বাচনৰ বাবে নগাঁও সমষ্টিত বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইক প্ৰাৰ্থিত্ব প্ৰদানৰ পৰিৱৰ্তে বিধায়ক ৰূপক শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচৰাৰ খবৰ প্ৰকাশ পাইছিল। সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি সাংসদ ৰাজেন গোহাঁইৰ লগতে ৰূপক শৰ্মাইও আবেদন জনোৱা নাছিল যদিও দলৰ ফালৰ পৰা তেওঁক যে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেঁচা দিয়া হৈছে, সেই কথাও স্পষ্ট কৰি দি ৰাজেন গোহাঁয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনা নাই বুলি উক্ত বাতৰিত প্ৰকাশ কৰাও হৈছিল।

কেৱল সেয়াই নহয়, কম পক্ষেও তিনিগৰাকী বিজেপি সাংসদে এইবাৰৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব নাপাব বুলি ডিজিটেল ডেস্কৰ বাতৰিত ফেব্ৰুৱাৰী মাহতে প্ৰকাশ পাইছিল। উক্ত বাতৰিৰ সত্যতা এশ শতাংশ সঁচা বুলি প্ৰমাণিত হোৱাৰ ক্ষেত্ৰত তেজপুৰৰ সাংসদ আৰ পি শৰ্মা, নগাঁৱৰ সাংসদ ৰাজেন গোহাঁয়ে নিজে কৰা ঘোষণাৰ লগতে যোৰহাট সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাইও ইতিমধ্যে প্ৰকাশ কৰা ইংগিতৰ জৰিয়তে স্পষ্ট হৈ পৰিছে। প্ৰতিদিনৰ ডিজিটেল ডেস্কে আন দুজন সাংসদৰ প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনাও অস্পষ্ট বুলি প্ৰকাশ কৰিছিল। অৱশ্যে এই দুজনৰ বিষয়টো কিছু সময়ৰ পিছতহে স্পষ্ট হৈ পৰিব।