Advertisment

১৪ ফেব্ৰুৱাৰী, ভেলেন্টাইন ডে’! ক’ত যাব মন্ত্ৰী ৰাজেন গোঁহাই…

১৪ ফেব্ৰুৱাৰী, ভেলেন্টাইন ডে’! ক’ত যাব মন্ত্ৰী ৰাজেন গোঁহাই…

author-image
asomiyapratidin
New Update
১৪ ফেব্ৰুৱাৰী, ভেলেন্টাইন ডে’! ক’ত যাব মন্ত্ৰী ৰাজেন গোঁহাই…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ভেলেন্টাইন ডে'। প্ৰেমাস্পদ সকলৰ বাবে বিশেষ দিন। প্ৰেমৰ পৃথিৱীত বিচৰণ কৰিব প্ৰেমিক-প্ৰেমিকাই। আলিংগনৰ দুবাহুত বুৰ যাব নিৰ্যনতা। কিয়নো প্ৰেমৰ বাবে এইটো বিশেষ দিন। ১৪ ফেব্ৰুৱাৰীত ভেলেন্টাইন ডে' উদযাপন কৰিব বিশ্বজুৰি। ইতিমধ্যে প্ৰেমিক যুগলে ঠিক কৰিছে- কোনে, ক'ত লাগ পাব কাক?

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ো আছিল প্ৰেমিক। বিলাইছিল প্ৰেম, ভালপোৱা। সেই খবৰ এতিয়া নতুন নহয়। গোপনে তেওঁ বিলাইছিল অফৰুন্ত মৰম। সেই মৰমে তেওঁক আশ্বস্ত কৰিলেও, আশ্বস্ত কৰিব পৰা নাছিল প্ৰেমিকাক। কিয়নো তেওঁ আছিল কাৰোবাৰ পত্নী। এই অভিযোগ আমাৰ নহয়। যাক তেওঁ প্ৰেম নিবেদন কৰিছিল তেওঁৱে তৰিছিল গোচৰ। চাকৰি দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত ৰুজু কৰিছিল গোচৰ। ২৫৯২/১৮ নং গোচৰটো ৰুজু হোৱাৰ পাছত এই গোচৰ নগাঁও মুখ্য ন্যায়িক দণ্ড আদালতে প্ৰেৰণ কৰিছিল জিলা সত্ৰ ন্যায়াধীশ দণ্ডাধীশ আদালতলৈ। ৩৭৬ ধাৰাত কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে গোচৰ তৰাটো নিশ্চিত হৈছিল।

প্ৰেম এনেকুৱাই। আৱৰণ খুলি হৃদয় যোৰে। প্ৰেম কেতিয়াবা মিঠা, প্ৰেম কেতিয়াবা তিতা হয়। এগৰাকী মহিলাই ৰাজেন গোঁহাইৰ বিৰুদ্ধে তৰা গোচৰৰ এজাহাৰ এয়া-

প্ৰেমিক ৰাজেন গোঁহাই ১৪ ফেব্ৰুৱাৰীত নাযায় পাৰ্কলৈ, নাযায় চিনেমা হললৈ। কিন্তু ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেনটাইন ডে'ৰ দিনা তেওঁ যাব আদালতলৈ। কিয়নো তেওঁৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰত আদালতে তলব কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক।

ভেলেন্টাইন ডে' সকলোৰে বাবে আহিছে। আহিছিল মন্ত্ৰী ৰাজেন গোঁহাইৰ বাবেও। কিন্তু পাৰ্থক্য ইমানেই- প্ৰেমিকাৰ সৈতে প্ৰেমিক যাব কাইলৈ অন্তৰংগতাৰে দুয়ো এক মুহূৰ্ত কটাবলৈ এক নিৰ্জন ঠাইলৈ। ইয়াৰ বিপৰীতে প্ৰেমৰ এই পাকচক্ৰত পৰি ভেলেন্টাইন ডে'ৰ দিনা আদালতৰ কাঠগড়াত উঠিবগৈ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাই।