/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/b9acafef-dd79-4a31-87e7-433d9a4ad220.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ দীৰ্ঘ দিনৰ অন্তত ৰাজহুৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰা দেখা গ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইক। যৌন কেলেংকাৰীত নাম সাঙোৰ খোৱাৰ পিছত প্ৰথমবাৰৰ বাবে গোঁহাইয়ে আজি ৰাজহুৱা অনুষ্ঠানত ভাগ লয়।
ভাৰতীয় ডাকঘৰৰ বেংকিং সেৱা মুকলি অনুষ্ঠানত ভাগ লয় মন্ত্ৰীগৰাকীয়ে। নগাঁৱৰ প্ৰধান ডাকঘৰ চৌহদত বিয়লি ৪ বজাত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বেংকৰ শাখাটো আনুষ্ঠানিকভাবে মুকলি কৰে। অনুষ্ঠানটোত বিধায়ক ৰূপক শৰ্মায়ো অংশগ্ৰহণ কৰে।
অৱশ্যে মন্ত্ৰী গোঁহাইয়ে কোনো সংবাদকৰ্মীৰ মুখামুখি হ'বলৈ সাহস নকৰিলে। সাংবাদিকসকল মন্ত্ৰীগৰাকীৰ কাষ পোৱাৰ পূৰ্বেই আগৰে পৰা সাজু কৰি ৰখা গাড়ীত উঠি আতৰি যায় মন্ত্ৰীজন।