বিস্ফোৰণ নে শ্বৰ্টচাৰ্কিট! হৰিশিঙালৈ ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল

বিস্ফোৰণ নে শ্বৰ্টচাৰ্কিট! হৰিশিঙালৈ ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াৰ দল

ডিজিটেল সংবাদ, গুৱাহাটীঃ ওদালগুৰি হৰিশিঙাত সংঘটিত বোমা বিস্ফোৰণৰ পাছত ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াৰ  দল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নিপন ভট্টাচাৰ্যই জনোৱা মতে এয়া বিস্ফোৰণ নে শ্বৰ্টচাৰ্কিটৰ ফলত সংঘটিত হৈছে সেয়া নিশ্চিত হোৱা নাই।

অৱশ্যে বিস্ফোৰণৰ পাছত ৰেলৰ ডবাটোৰ উপৰি ভাগত ডবা ফুটি যোৱা বুলি জানিবলৈ দিছে ৰেল কৰ্তৃপক্ষই। বিস্ফোৰণৰ পাছত পথছোৱাৰে ৰেলৰ চলাচল ব্যাহত হোৱা নাই বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে। ভট্টাচাৰ্যই জনোৱা মতে, বিস্ফোৰণ সংঘটিত হোৱা ৰেলখন উক্ত স্থানতে ৰাখি থোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in