শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা…

শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা…

author-image
asomiyapratidin
New Update
শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা…

ডিজিটেল সংবাদ শিৱসাগৰঃ শিৱসাগৰত আজি কংগ্ৰেছ, বিজেপিৰ ৫ শতাধিক নেতা কৰ্মীয়ে আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে ৷ ৰাইজৰ দলৰ শিৱসাগৰ সমিতিৰ উদ্যোগত আৰু ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অখিল গগৈ নেতৃত্বত এই যোগদান সমাৰোহ সম্পন্ন হয়।

Advertisment

এই যোগদান কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ বহুতো বিষয়ববীয়াৰ লগতে জিলা সমিতিৰ বহুতো বিষয়ববীয়া উপস্থিত থাকে। সভাখনত শাসনাধিস্ত বিজেপিৰ লগতে কংগ্ৰেছৰ মুঠ ৫ শতাধিক সমৰ্থক তথা বিষয়ববীয়াই ৰাইজৰ দলত যোগদান কৰে। কংগ্ৰেছৰ শিৱসাগৰ জিলাৰ সামাজিক মাধ্যমৰ টি এম প্ৰাণ, জিলা কংগ্ৰেছৰ বিজিত দত্ত, কেইবাখনো পঞ্চায়তৰ সদস্য,বিজেপি আৰু আম আদমী পাৰ্টীৰ বহু কেইজন বিষয়ববীয়াই আনুষ্ঠানিক ভাৱে ৰাইজৰ দলত যোগদান কৰে।

অখিল গগৈয়ে সবাত তেওঁৰ ভাষণ প্ৰসংগত বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। তেওঁ কয়- শিৱসাগৰ ১৫১ খন প্ৰাথমিক বিদ্যালয়ত বৰষুণ দিলেই পানী পৰে ৷ উক্ত স্কুলৰ তালিকা মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক দিয়াৰ পিচতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলিও সমালোচনা কৰে ।

ভাষণ প্ৰসংগত অসমীয়া মাধ্যমৰ বিদ্যালয়ক ইংৰাজী মাধ্যম কৰাক লৈও তীব্ৰ সমালোচনা কৰে অখিল গগৈয়ে। তেওঁ চি আই ডি এফৰ ১০০ কোটি টকা ডাঃ ৰণোজ পেগু, সাংসদ তপন গগৈ আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তৰ ভুলৰ বাবে ঘূৰি যোৱা বুলিও অভিযোগ কৰে। আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসমৰ প্ৰতিটো পঞ্চায়ততে ৰাইজৰ দলে প্ৰতিদ্বন্দিতা কৰিবও বুলিও বিধায়ক গগৈয়ে প্ৰকাশ কৰে।