/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/rahul-gandhi.jpg)
ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীত বিধান সভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী। তেওঁ শিৱসাগৰৰ বৰ্ডিং স্কুলৰ পৰা আৰম্ভ কৰিব এই অভিযান।
কংগ্ৰেছৰ নেতা তথা বিৰুধী দলপতি দেৱব্ৰত শইকীয়াই এই সম্পৰ্কে কয় যে, ফ্ৰেব্ৰুৱাৰীৰ মধ্যভাগত ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰিব আৰু শিৱসাগৰত এক বিশাল ৰাজহুৱা সভাৰ সম্বোধন কৰিব।
উল্লেখ্য যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৩ জানুৱাৰীত জেৰেংগা পথাৰত এক বিশাল ৰাজহুৱা সভাৰ সম্বোধন কৰাৰ পিছত বিৰোধী দলটোৱে শিৱসাগৰত দলটোৰ প্ৰথমখন বিশাল ৰাজনৈতিক ৰাজহুৱা সমদল আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us