Advertisment

ৰহাত তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী কাৰাটেৰ প্ৰতিযোগিতাৰ সামৰণি…

ৰহাত তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী কাৰাটেৰ প্ৰতিযোগিতাৰ সামৰণি…

author-image
asomiyapratidin
New Update
ৰহাত তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী কাৰাটেৰ প্ৰতিযোগিতাৰ সামৰণি…

ডিজিটেল সংবাদ, নগাওঁঃ নগাঁও জিলাৰ ৰহাৰ মহেন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত ৫ নবেম্বৰৰ পৰা চলি থকা উকাৰ নৱম বাৰ্ষিক তুলসী গোবিন্দ বৰুৱা সোঁৱৰণী যুৱ কাপ ৰাজ্যিক যুৱ কাপ প্ৰতিযোগিতা খন কালি নিশা সমাপ্ত হয় ।৬ নবেম্বৰত ৰহা বিধান সভা সমষ্টিৰ বিধায়ক শশী কান্ত দাসৰ উপস্থিতিত প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকীবুল হুছেইনে আনুষ্ঠানিকভাৱে মুকলি কৰা প্ৰতিযোগিতা খনৰ দেওবাৰে নিশা সামৰণি পৰে ।

Advertisment

নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ।উকাৰ স্বীকৃতি প্ৰাপ্ত ১৮ খন জিলাৰ ৫৩০ জন প্ৰতিযোগী খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত বৰপেটাৰ জিয়ান চৌধুৰী আৰু ৱাচিমা আখটাৰে ক্ৰমে ল'ৰা আৰু ছোৱালীৰ শ্ৰেষ্ঠ শিশু(১০-১৩ বছৰ) খেলুৱৈৰ খিতাপ দখল কৰাৰ বিপৰীতে কামৰূপ মহানগৰৰ হেমফু বংজাং(ল'ৰা) আৰু বৰপেটাৰ হামী আলিয়ে (ছোৱালী) (২৪- ১৭ বছৰ) শ্ৰেষ্ঠ যুৱ খেলুৱৈ খিতাপ অৰ্জন কৰা খেলুৱৈ সকলক টি. জি. বৰুৱা মেমৰিয়েল ট্ৰফী , মানপত্ৰৰ লগতে নগদ পাঁচ হাজাৰ টকাকৈ প্ৰদান কৰা হয় ।

বৰপেটা জিলা দলে ১৭ টা সোন , ২টা ৰূপ আৰু ৯ টা ব্ৰঞ্জ সহ ২৮ টা পদকেৰে শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰাৰ বিপৰীতে কামৰূপ মহানগৰ জিলা দলে ১৩ টা সোন , ২১ টা ৰূপ আৰু ২৩ টা মুঠ ৫৭ টা পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে । আয়োজক নগাঁও জিলা দলে ৪৩ টা পদকেৰে তৃতীয় স্হান দখল কৰে । উল্লেখ্য যে, প্ৰতিযোগিতা খনত পদক প্ৰাপ্ত সকলোবোৱ খেলুৱৈক আগন্তুক উত্তৰ পূৱ মণ্ডল কাৰাটে প্ৰতিযোগিতাৰ বাবে বাচনি কৰা হয় ।