ৰহাৰ ধাবাত অবৈধ সুৰাৰ আড্ডা, দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, আহত কেইবাজনো, VIDEO

ৰহাৰ ধাবাত অবৈধ সুৰাৰ আড্ডা, দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, আহত কেইবাজনো, VIDEO

author-image
asomiyapratidin
New Update
ৰহাৰ ধাবাত অবৈধ সুৰাৰ আড্ডা, দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট, আহত কেইবাজনো, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ একাংশ ধাবাত চলে অবৈধ সুৰাৰ আড্ডা। ইয়াৰ মাজতে সংঘটিত হয় মাৰপিটৰ ঘটনাকে ধৰি বহুতো অপ্ৰীতিকৰ ঘটনা। ৰহাৰ 'দিল ধাবা' নামৰ ধাবাখনত দেওবাৰে নিশা সংঘটিত হ'ল দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। গুৰুতৰভাৱে আহত হ'ল এটা ফৈদৰ তিনিজনকৈ যুৱক।

Advertisment

জানিব পৰা মতে পতঞ্জলিৰ সামগ্ৰী বিক্ৰী কৰা ৰহাৰ মঠৰবড়ীৰ ৪ যুৱক ক্ৰমে নিতুল নাথ, মুকুট নাথ, নিপু নাথ আৰু প্ৰাঞ্জল নাথে গুৱাহাটীৰ পৰা আনি থকা পতঞ্জলিৰ উৎপাদিত সামগ্ৰী ল'বলৈ ৰহালৈ আহিছিল। কিন্তু সামগ্ৰীখিনি আহি পোৱা দেৰি হোৱাত যুৱক কেইজনে দিল ধাবা নামৰ ধাবাখনত ৰাতি আহাৰ গ্ৰহণৰ বাবে গৈছিল।

সেই ধাবাতে খাদ্য গ্ৰহণ কৰি থকা ৬ জনীয়া এটা দলৰ মাজত তৰ্কা-তৰ্কী হয় আৰু পিচলৈ প্ৰচণ্ড মাৰ-পিটৰ ঘটনা সংঘটিত হয়। অভিযোগ মতে, ধন দাস, ৰুবুল দাস, সত্য দাস, দীপজ্যোতি দাস, মুনু দাস আৰু কলিতা নামৰ এই ছয়জনীয়া দলটোৱে পতঞ্জলিৰ সামগ্ৰী বিক্ৰেতা যুৱক কেইজনৰ পৰা ধন দাবী কৰিছিল। কিন্তু বিনা কাৰণত ধন দিবলৈ অমান্তি হোৱাৰ বাবেই ছজনীয়া দলটোৱে যুৱক কেইজনক প্ৰচণ্ড আক্ৰমণ কৰে।

আনকি দুৰ্বিত্ত দলটোৱে লোৰ ৰডেৰেও আক্ৰমণ কৰাত নিতুল নাথ, নিপু নাথ আৰু মুকুট নাথ গুৰুতৰভাৱে আহত হয়। আটাইকে নিশাই নগাঁৱৰ চিকিৎসালয়লৈ নিয়া হয় যদিও নিতুল নাথৰ অৱস্থা সংকটজনক হোৱাত লগে লগে গুৱাহাটীৰ জি এন আৰ চিত ভৰ্তি কৰা হয়। এই ঘটনাৰ সম্পৰ্কত সোমবাৰে বিয়লি আক্ৰান্তৰ পৰিয়ালে ৰহা থানাত এজাহাৰ দাখিল কৰাত ৰহা আৰক্ষীয়ে মূল অভিযুক্ত ধন দাসক আটক কৰিছে।

অভিযোগ মতে দিল ধাবাত বিক্ৰী হয় অবৈধ সুৰা আৰু সুৰাৰ বাবেই সংঘটিত হ'ল এনে মৰ্মান্তিক ঘটনা।
ইপিনে অভিযোগ অনুসৰি ৰহাৰ ৰাষ্ট্ৰীয় পথৰ কাষত থকা একাংশ ধাবা আৰু সৰু সৰু হোটেল বোৰত নিতৌ চলে মদৰ আড্ডা তথা অনৈতিক কাৰ্য। এই ক্ষেত্ৰত ৰহা আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে সচেতন মহলে৷