ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ পশ্চিম শালমৰাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ পথৰ কাষত ৰৈ থকা এখন নৈশ বাছত প্ৰচণ্ড খুন্দা অচিনাক্ত তীব্ৰবেগী ট্ৰাকৰ।
থিতাতে নিহত নৈশ বাছখনৰ চালক আৰু হেণ্ডিমেন৷ নিহত দুজন তিনিচুকীয়াৰ অৰ্বিন মিশ্ৰ আৰু পাপু চেতিয়া৷
তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা নৈশ বাছখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰাখি চালক আৰু হেণ্ডিমেনে মেৰামতি কৰি থকা অৱস্থাতে সংঘটিত হয় ভয়াবহ দুৰ্ঘটনাটো৷
বাছখনৰ নম্বৰ এএছ-০৯-জিচি-২৯৩৩। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন অচিনাক্ত ট্ৰাকখনৰ।