/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/RABHA-HASANG-8.jpg)
ডিজিটেল সংবাদ ছমৰীয়াঃ ৰাজ্য চৰকাৰৰ তৎপৰতাত গঠন হোৱা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এলেকা কামৰূপ জিলাৰ ৰাণীৰ পৰা গোৱালপাৰা জিলাৰ জয়ৰামকুচীলৈ এই সমগ্ৰ ৰাভা হাছং এলেকাত সংবিধানৰ ষষ্ঠ অনুসুচীৰ ক্ষমতা প্ৰদানৰ দাবীত বিশাল চাইকেল ৰেলী উলিওৱা হয়। উল্লেখ্য যে,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত ৭ আৰু ৮ নৱেম্বৰত দুদিনীয়াকৈ ৰূপায়ণ কৰা হয় এই চাইকেল ৰেলী।
ৰাভা হাছংত ষষ্ঠ অনুসূচীৰ দাবীত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা,কামৰূপ জিলা মহিলা পৰিষদ আৰু কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিয়ে যৌথ ভাৱে ৰূপায়ণ কৰে জনজাগৰণ সজাগতাৰ ওপৰত চাইকেল ৰেলী।ইফালে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভাই জনোৱা মতে,ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত চাইকেল সমদল উলিওৱা হয়।
লগতে জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ চৰকাৰে কাঢ়ি ল'ব খোজাৰ বিৰোধীতা কৰি সজাগতা বৃদ্ধি কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাপতি গৰাকীয়ে জনোৱা মতে দেওবাৰে কামৰূপ জিলাৰ ৰাণীৰ পৰা চাইকেল সমদল উলিয়াই ৰাভা জনগোষ্ঠীৰ সংগঠন তিনিটাই। জানিব পৰা মতে দীৰ্ঘদিন ধৰি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানত ৬ষ্ঠ অনুসুচীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে আন্দোলন কৰি আহিছে বিভিন্ন ৰাভা সংগঠনে।কিন্তু চৰকাৰে ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰি চৰকাৰৰ বৈষম্য মুলক নীতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।জানিব পৰা মতে যোৱা ৭ নৱেম্বৰ দেওঁবাৰ আৰু ৮ নৱেম্বৰ সোমবাৰ অৰ্থাৎ আজিও এই সমদল কৰিব ৰাভা সংগঠনসমূহে।