ফাইল ফটো
Published on :
Updated on :
- বিজেপিৰ পৰা পদত্যাগ কৰিয়ে ছ'চিয়েল মিডিয়াযোগে কেইবাটাও মন্তব্য কৰিলে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।
- বিজেপিত নতুনকৈ নাম অন্তৰ্ভূক্ত হোৱা লোকসকলৰ বাবে পুৰণা বিজেপি কৰ্মী অৱহেলিত হোৱাৰ অভিযোগ।
- অৱহেলিত লোকসকলৰ হৈ মাত মতাৰ আশ্বাস।
- এতিয়া বিজেপিত অৱহেলিত লোকসকলৰ হৈ মাত মতাৰ বাবে কোনো নাই বুলিও ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ।
- 'বহুলোক বিজেপিৰ দুৰ্যোগৰ সময়ত দলটোৰ বাবে কাম কৰিছে'।
- 'কিন্তু সেইসকল লোকে এতিয়া বিজেপিত অৱহেলিত আৰু গুৰুত্ব দিয়া নহয় তেওঁলোকক'।
- ইফালে তেওঁক সমৰ্থন জনোৱা সকলো লোককে ধন্যবাদ জনাই তেজপুৰৰ সাংসদজনে।
- সদায়ে তেওঁ ৰাইজৰ হৈ কাম কৰাৰ কথা প্ৰকাশ কৰে ছ'চিয়েল মিডিয়াযোগে।
- উল্লেখ্য যে, দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিলে সাংসদজনে।
- তেজপুৰৰ পৰা বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আছিল বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা।
- তেজপুৰ লোকসভা সমষ্টিৰ টিকটৰ পৰা বঞ্চিত হৈ এই সিদ্ধান্ত লয় তেওঁ।
- কিছুদিন পূৰ্বে 'অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ'ৰ সৈতে হোৱা সাক্ষাৎকাৰত ১ মিনিটতে প্ৰয়োজনত দল ত্যাগ কৰাৰ কথা কৈছিল তেজপুৰৰ সাংসদজনে।
- ইফালে দল ত্যাগ কৰাৰ পিছতে ১২ বজাত নতুন দিল্লীত নিজা বাসভৱনত সাংসদজনে সম্বোধন কৰিব সংবাদমেল।
Asomiya Pratidin
www.asomiyapratidin.in