পুৰণিগুদামত নিচাযুক্ত সামগ্ৰীসহ মহিলাক গ্ৰেপ্তাৰ…

পুৰণিগুদামত আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই পুৰণিগুদাম ন আলিমূৰৰ এঘৰৰ পৰা তিনি বস্তাকৈ লি'ক বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

author-image
asomiyapratidin
New Update
পুৰণিগুদামত নিচাযুক্ত সামগ্ৰীসহ মহিলাক গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰডাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে মঙলবাৰে অভিযান চলাই পুৰণিগুদাম ন আলিমূৰৰ এঘৰৰ পৰা তিনি বস্তাকৈ লি'ক বটল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি ন আলিমূৰৰ আল্লা উদ্দিন নামৰ লোকজনে ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত আছিল।

Advertisment

পঢ়িবলৈ ক্লিক কৰকঃ ধেমাজিত আকৌ ১০২ জন কোভিড পজিটিভ…

মঙলবাৰে আৰক্ষীৰ দলটোৱে ১৪৯ টা লি'ক বটল গাত খান্দি পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীৰ অভিযানৰ উমান পাই আল্লা উদ্দিন পলাই যাবলৈ সক্ষম হয়। এইজন অভিযুক্তক পূৰ্বেও পুৰণিগুদাম আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ।নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নিৰ্দেশত চলা এই অভিযানত মূল অভিযুক্ত পলায়ন কৰে যদিও তেওঁৰ পত্নী তথা নিচাযুক্ত দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত আফচিয়া বেগমক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।