পূৰ্ণেন্দু লাংথাচা-নিন্দু লাংথাচা হত্যাকাণ্ডঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ… VIDEO

পূৰ্ণেন্দু লাংথাচা-নিন্দু লাংথাচা হত্যাকাণ্ডঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ… VIDEO

author-image
asomiyapratidin
New Update
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দানঃ উইল সম্পত্তিত ৭শতাংশ ক’ৰ্ট মাচুল অসাংবিধানিক...

প্ৰতীকি ফটো

ডিজিটেল সংবাদ, উত্তৰ কাছাৰঃ ২০০৭ চনৰ ৪ জুনত হাফলঙৰ নিকটৱৰ্তী দেহাংগীত সংঘটিত দেশ কপোঁৱা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য আৰু কাৰ্যবাহী সদস্য পূৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচা হত্যাকাণ্ডৰ বিচাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰী কৰে।

Advertisment

অহা ১৯ এপ্ৰিলৰ ভিতৰত গোচৰটোৰ সন্দৰ্ভত সকলো তথ্য গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ চৰকাৰক নিৰ্দেশ জাৰী কৰিছে। নিৰ্বাচনৰ সময়ত আদালতৰ এই তৎপৰতাই বিশেষ তাৎপৰ্য বহন কৰাৰ উপৰিও এই সময়ত শাসকীয় দলটোৰ এজন নেতাৰ বিৰুদ্ধে বিৰোধীক এডাল অস্ত্ৰ তুলি দিয়া হৈছে।

উল্লেখ্য যে, দেৱলাল গৰ্লোচা হৈছে হাফলঙৰ বিজেপি প্ৰাৰ্থী নন্দিতা গৰ্লোচাৰ নিকতাত্মীয় আৰু নন্দিতাৰ মুখ্য কেম্পেইনাৰ। নিৰ্বাচনৰ সময়ত বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছে কিয়নো এই হত্যাকাণ্ডত বিজেপি নেতা তথা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোচাৰ নাম সাঙোৰ খাই আছে।