পুৰণিগুদামত ৰাইজে খেদি খেদি ধৰিলে মহিলাসহ গৰু চুৰি চক্ৰ

পুৰণিগুদামত ৰাইজে খেদি খেদি ধৰিলে মহিলাসহ গৰু চুৰি চক্ৰ

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ চলচলি মুছলিম গাঁৱত বৃহস্পতিবাৰে নিশা গৰু চুৰি কৰাৰ সন্দেহত ৰাইজে আটক কৰে বিভিন্ন অপৰাধৰ লগত জড়িত ৰাজীৱ বৰদলৈসহ এগৰাকী মহিলা। ৰাইজৰ অভিযোগ অনুসৰি ৰাজীৱ বৰদলৈ নামৰ লোকজনে এগৰাকী মহিলাৰ সৈতে এখন এল্ট গাড়ীত আহিছিল। তেওঁলোকৰ লগত আন এখন টাটা মবাইল গাড়ীয়ে কন্দলি তপতজুৰি বাগান পৰা দিন দুপৰতে এটা গৰু চুৰি কৰি লৈ আহিছিল। অতি কৌশলেৰে গৰুটো চুৰি কৰি এল্ট সহ টাটা মবাইল গাড়ীখন তীব্ৰ বেগেৰে চাপানালা চলচলি ভেৰভেৰি পথেৰে আহি আছিল।

এই খবৰ লাভ কৰি চলচলি ৰামটিলা আটি, ব্ৰাহ্মণ গাঁও চাৰিআলি আৰু ৰঙীয়া গাঁৱত ৰাইজে বেৰিকেড দি গাড়ী দুখন আবদ্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও সকলো বেৰিকেড ভাঙি দুয়োখন গাড়ী পলাই যাবলৈ সক্ষম হয়। ইয়াৰে এল্ট গাড়ীসহ ৰাজীৱ বৰদলৈ আৰু মহিলা গৰাকী চলচলি মুছলমান এঘৰ লোকৰ ঘৰত সোমাই আত্মগোপন কৰাৰ চেষ্টা কৰে যদিও পিছে পিছে খেদি অহা ৰাইজে গাড়ীসহ ৰাজীৱ বৰদলৈ আৰু মহিলা গৰাকী উদ্ধাৰ কৰি পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে।

পুৰণিগুদাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে ধৃত পুৰুষ আৰু মহিলা গৰাকীৰ লগত ৰাইজৰ তীব্ৰ বাক যুদ্ধৰ সৃষ্টি হোৱাৰ লগতে নিজকে ক্লিনচিট দিবলৈ ধৃত মহিলাগৰাকীয়ে ৰাইজলৈ চোচা লয়।ইয়াতে ৰাইজ খৰ্গহস্ত হৈ পৰিস্থিতি উতপ্ত কৰি তোলে। পিছত আৰক্ষীয়ে মহিলাসহ ৰাজীৱ বৰদলৈ আৰু এল্ট গাড়ীখন লৈ যোৱাৰ পিছতে পৰিস্থিতি শান্ত হয়। পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে নিশাই অভিযুক্ত মহিলাসহ ৰাজীৱ বৰদলৈক নগাঁও সদৰ থানালৈ প্ৰেৰণ কৰে। বৰ্তমান আৰক্ষীয়ে অভিযুক্ত দুয়োগৰাকীকে জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in