চাকৰী নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজলগাঁৱতো কৰ্ম বিৰতিৰে প্ৰতিবাদ….

চাকৰী নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজলগাঁৱতো কৰ্ম বিৰতিৰে প্ৰতিবাদ….

author-image
asomiyapratidin
New Update
চাকৰী নিয়মীয়াকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কাজলগাঁৱতো কৰ্ম বিৰতিৰে প্ৰতিবাদ….

ডিজিটেল সংবাদ চিৰাংঃ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁওস্থিত উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজতো অনা শিক্ষক কৰ্মচাৰী সকলে চাকৰী নিয়মীয়া কৰণৰ দাবীত কৰ্মবিৰতি কাৰ্য্যসূচী গ্ৰহণ কৰে । আজিৰ এই কৰ্ম বিৰতি কাৰ্য্যসূচীৰ ফলত কলেজৰ দৈনন্দিন কামকাজৰ লগতে পাঠদান প্ৰক্ৰিয়া স্থগিত হৈ পৰে ।

Advertisment

২০২১ চনতে প্ৰাদেশীকৰণ হোৱা কলেজখনৰ অনা শিক্ষক কৰ্মচাৰী ক্ৰমে কাৰ্য্যালয় সহায়ক, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ নকৰি ফিক্সড পে' কৰ্মচাৰী হিচাপে ৰাখি থয় । যাৰ বাবেই চাকৰি নিয়মীয়াকৰণৰ দাবীত এই দৰে আন্দোলন কৰিবলগীয়া হৈছে কলেজখনৰ কৰ্মচাৰী সকলে সদৰি কৰে ।