/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/KARBIANGLONG-24.jpg)
ডিজিটেল সংবাদ বোকাজানঃ কাৰ্বি আংলঙৰ বোকাজানৰ দেউপানী পৰিষদীয় সমষ্টিত উত্তাল গণ প্ৰতিবাদ।সমষ্টিটোৰ নিৰ্বাচিত সদস্যক বঞ্চিত কৰি মনোনীত সদস্যক কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য(EM) দিয়াক লৈ এই প্ৰতিবাদ।
কেইবা সহস্ৰাধিক প্ৰতিবাদী ৰাইজে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদত অংশগ্ৰহণ কৰি উত্তাল কৰি তুলিলে দেউপানীৰ ৰাজপথ। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সমষ্টিটোৰ বিভিন্ন সম্প্ৰদায়ৰ লোকে। প্ৰতিবাদী ৰাইজৰ দাবী শীঘ্ৰেই সমষ্টিটোৰ পৰা মনোনীত কৰা মুকুট মহন্তৰ EM পদ কৰ্তন কৰক।
ইয়াৰ বিপৰীতে সমষ্টিটোৰ বিজেপি দলৰ নিৰ্বাচিত সদস্য সৰবন তেলেঙাক প্ৰদান কৰক EM পদ। অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ সমষ্টিটোৰ আদিবাসী ৰাইজৰ। উল্লেখযোগ্য যে মুকুট মহন্ত পৰিষদীয় নিৰ্বাচনত দেউপানী সমষ্টিৰ টিকট বঞ্চিত প্ৰাৰ্থী আছিল।
উক্ত প্ৰতিবাদত কাৰ্ব ছাত্ৰ সন্থায়েও অংশগ্ৰহণ কৰে। শেহতীয়া নিৰ্বাচনত বিজেপি দলে সমষ্টিটোত সৰবন তেলেঙাক দলীয় টিকট প্ৰদান কৰিছিল আৰু তেওঁ জয়ী হৈছিল। পৰৱৰ্তী সময়ত নিৰ্বাচিত সদস্য গৰাকীক বঞ্চিত কৰি দলে মুকূট মহন্তক মনোনীত সদস্যৰূপে আনি দিয়া হয় EM পদ। তাকে লৈ এতিয়া পৰিষদীয় দেউপানী সমষ্টিত সমষ্টিবাসীৰ উত্তাল প্ৰতিবাদ।