/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/TIRAP-21.jpg)
ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ দেওবাৰে দিনৰ ভাগত অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ অন্তৰ্গত খুনচাৰ কলাগাওঁত ৬ নং অসম ৰাইফলছ আৰু এন এছ চি এন (আই এম)ৰ মাজত সংঘটিত গুলীয়াগুলি ঘটনাত দুজনকৈ লোক নিহত আৰু এজন লোক আহত হোৱা ঘটনাৰ পিছত সোমবাৰে উত্তপ্ত হৈ পৰে সমগ্ৰ তিৰাপ জিলা। দেওবাৰে দিনৰ ভাগত উক্ত গাঁওখনত সংঘটিত হোৱা এই ঘটনাত নিহত দুয়োজন লোককে নিৰাপত্তা বাহিনীয়ে উগ্ৰপন্থী সংগঠনটোৰ দুধৰ্ষ কেডাৰ বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে আহত লোকজন উক্ত সময়ত ঘটনাস্থলীত উপস্থিত থকা এগৰাকী সাধাৰণ গাঁওবাসী বুলি অৱগত কৰিছিল আৰু উগ্ৰপন্থী দলটোৰ পৰা অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ তথ্যও প্ৰকাশ কৰিছিল।
কিন্তু নিৰাপত্তা বাহিনীৰ এই মন্তব্যৰ বিপৰীতে শেহতীয়াকৈ পোৱা স্থানীয় ৰাইজে জনাইছে নিৰাপত্তা বাহিনীটোৰ কিছু কলংকৃত তথ্য। জানিব পৰা মতে দেওবাৰে পুৱাৰ ভাগত উক্ত গাঁওখনত উগ্ৰপন্থীৰ দলটো উপস্থিত হৈ অঞ্চলটোৰ প্ৰাক্তন জেদ পি চি তথা বৰ্তমান সন্দিকৈ(গাঁও খনৰ দ্বিতীয় পয্যায়ৰ মূৰব্বী)ৰ দায়িত্বত থকা ৰেত' কাখ নামৰ জনপ্ৰিয় যুৱকজনক অস্ত্ৰ দেখুৱাই পথ দেখুৱাবৰ বাবে লৈ যায়।
স্থানীয় লোকে উত্থাপন কৰা অভিযোগ অনুসৰি হাফ পেন্ট আৰু হাৱাই চেন্ডেল পৰিহিত যুৱকজনক দলটোৱে লৈ যোৱাৰ সময়তে অসম ৰাইফলছৰ দলটোৱে উগ্ৰপন্থী দলটোক উদ্দেশ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰাত ৰেত' কাখৰ লগতে এজন এন এছ চি এন (আই এম)ৰ উগ্ৰপন্থী ঘটনাস্থলীতে নিহত হয়। আনহাতে নিৰাপত্তা বাহিনীৰ নির্বিচাৰ গুলী বৰ্ষণত আহত হয় পাকঙাম লৱাং নামৰ গাঁওখনৰ আন এগৰাকী নিৰীহ যুৱক।
ইফালে ঘটনা সংঘটিত কৰাৰ পিছতেই নিজৰ দোষ ঢাকিবলৈ নিৰাপত্তা বাহিনীয়ে নিৰীহ যুৱক মৃত ৰেত' কাখক দুধৰ্ষ উগ্ৰপন্থী সংগঠনৰ সদস্য সজোৱাৰ লগতে কান্ধত গুলী লগা আনগৰাকী আহত নিৰীহ যুৱক পাকঙাম লৱাঙৰ বিষয়ে পৰিয়ালক কোনো কথা অৱগত নকৰাকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাৰ নামত পেলাই থৈ অহাৰ খবৰ জিলাখনত বিয়পি পৰাৰ লগে লগে দেওবাৰে নিশাৰে পৰা উত্তপ্ত হৈ পৰে সমগ্ৰ তিৰাপ জিলা।
সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কেন্দ্ৰীয় চৰকাৰে বছৰ বছৰ ধৰি অব্যাহত ৰখা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইনৰ গইনা লৈ অৰুণাচল প্ৰদেশত দীর্ঘদিন ধৰি অসম ৰাইফলছ আৰু ভাৰতীয় সেনাই উগ্ৰপন্থী দমনৰ নামত নিৰীহ লোকসকলক অত্যাচাৰ চলাই আহি কেইবাটাও ঘটনাত স্থানীয় লোকক হত্যা আৰু পংগু কৰাৰ বিৰুদ্ধে অতিষ্ঠ হৈ সোমবাৰে সদৌ তিৰাপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন মহিলা সমিতি আৰু বেচৰকাৰী সংগঠন সমূহে তিৰাপ জিলা বন্ধ ঘোষণা কৰাৰ লগতে চহৰ খনৰ বাছ ষ্টেণ্ডৰ পৰা খুনচাত অৱস্থিত অসম ৰাইফলছৰ ৬ নং গোটৰ শিবিৰলৈকে এক বিশাল প্ৰতিবাদী শোভাযাত্ৰা উলিয়াই নিৰাপত্তা বাহিনীৰ এই কাণ্ডৰ বিচাৰৰ দাবী কৰাৰ লগতে নিৰীহ লোকৰ ওপৰত তেওঁলোকৰ অত্যাচাৰ বন্ধ কৰিবলৈ দাবী জনায়।
একেদৰে প্ৰতিবাদকাৰীসকলে তেওঁলোকে কোনো ক্ষেত্ৰতে বৃহৎ নাগালিমৰ অংশীদাৰ নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে এন এছ চি এন উগ্ৰপন্থী সংগঠনকো অতি শীঘ্ৰেই অৰুণাচল ত্যাগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে স্থানীয় যুৱকক উগ্ৰপন্থীৰ নামত হত্যাকৰা ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্ত লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ দাবী উত্থাপন কৰাৰ লগৰে তিৰাপ জিলাৰ পৰা নিৰাপত্তা বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰো দাবী জনাইছে। বৰ্তমানেও পাহৰীয়া তিৰাপ জিলাত উত্তেজনা অব্যাহত আছে।