ডিজিটেল সংবাদ,ঢকুৱাখনা: উত্তৰ অসমবাসীৰ ভৌগলিক অস্তিত্ব আৰু জীৱন সম্পত্তিৰ প্ৰতি ভয়ংকৰ ভাবুকি ধেমাজি জিলাৰ গেৰুকামুখত নিৰ্মীয়মান নামনি সোৱণশিৰী বৃহৎ জলবিদ্যুৎ প্ৰকল্প । বিশেষজ্ঞ সমিতিৰ নীতি নিৰ্দেশনা উলংঘা কৰি গেৰুকামুখ পাহাৰৰ ঠুনুকা শিলাখণ্ডত অবিজ্ঞান সন্মত ভাবে এন এইচ পি চিযে নিৰ্মান কৰা এই ভয়ানক জলবোমাই সোৱণশিৰী নদীৰ নামনি অংশত বসবাস কৰা ৰাইজ আৰু ভূখণ্ডলৈ প্ৰতিক্ষণে সংকট মাতি আনিছে ।
ধেমাজি, লখিমপুৰ, মাজুলী জিলাৰ ভৱিষ্যত বিপদাপন্ন কৰি ক্ৰুটিপূৰ্ণ পদ্ধতিৰে নিৰ্মিত এই জলবোমাটোৰ অৱশিষ্ট নিৰ্মান কাৰ্য বন্ধ কৰাটো উত্তৰ অসমবাসীৰ বাবে মংগলজনক আৰু বন্ধ কৰিবই লাগিব । এই মন্তব্য লখিমপুৰ জিলা কৃষক সভাৰ সম্পাদক তথা ৰাজ্যিক সমিতিৰ সদস্য গোপাল গগৈৰ ।
বুধবাৰে ঢকুৱাখনা মহকুমা সদৰত এই নদীবান্ধ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত আৰু পেলেস্টাইন সংহতি দিৱসৰ কেন্দ্ৰ কৰি এক অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক নেতা তথা জিলা সম্পাদক গৰাকীয়ে এই মন্তব্য কৰে । নিখিল ভাৰত কৃষক সভাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ঢকুৱাখনা সদৰত বুধবাৰে দুপৰীয়া ১বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি বৃহৎ নদীবান্ধ নিৰ্মাণ বন্ধ কৰা , গেৰুকামুখৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰি নামনি অংশৰ জনগণৰ জীৱন সম্পত্তি সুৰক্ষিত কৰাৰ দাবী উত্থাপন কৰে ।
নিখিল ভাৰত কৃষক সভাৰ লখিমপুৰ জিলা সভাপতি ডিম্বেশ্বৰ চেতিয়া, সম্পাদক গোপাল গগৈ ,জিলা সদস্য অমিয় কুমাৰ সন্দিকৈ , টংকেশ্বৰ গগৈ ,পূৰ্ণানন্দ ফুকন , লক্ষ্মী সোণোৱাল , ক্ষীৰেন্দ্ৰ বৰুৱা গহীন চুতীয়া , চন্দ্ৰধৰ বৰুৱা, আদি গৰিষ্ঠ সংখ্যক কৰ্মকর্তাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত জিলা নেতৃত্ব অমিয় কুমাৰ সন্দিকৈয়েও নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পৰ পাৰ্শ্বক্ৰিয়া , নদীবান্ধৰ ফলত উত্তৰপৰীয়া কৃষি , পাৰিপাৰ্শ্বিক পৰিবেশ ,সভ্যতা , সংস্কৃতি আৰু ভৌগলিক অস্তিত্বত পেলাব পৰা ভয়ংকৰ নেতিবাচক প্ৰভাৱৰ দিশ সমূহ সামৰি বক্তব্য আগবঢ়ায় । প্ৰতিবাদথলীত নদীবান্ধৰ বিৰোধিতা আৰু নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত শ্লোগান দি প্ৰতিবাদী কাৰ্যসূচীৰ সফল সামৰণি মাৰে ।
Also Read: এটাৰ পাছত আন এটা অপৰাধৰ সৈতে নাম সাঙোৰ খাইছে দেৱলাল গাৰ্লোছাৰ...