/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/aa36abca-6cd8-40fe-81da-100c289d8459/nps.jpg)
ডিজিটেল ডেস্ক : মঙলবাৰে পুৱা গুৱাহাটী মহানগৰীত পৰিলক্ষিত হ'ল ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা কৰ্মচাৰী সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী । খানাপাৰৰ পৰা দিছপুৰলৈ এক প্ৰতিবাদী সমদলৰ জৰিয়তে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰাৰ দাবী জনায় কৰ্মচাৰী সংস্থাটোৱে ।
প্ৰতিবাদত উত্তাল মহানগৰীত পদযাত্ৰাৰ বাবে সমাগত হৈছে সহস্ৰাধিক কৰ্মচাৰী । প্ৰতিবাদকাৰী সকলে একত্ৰিত হৈ নতুন পেঞ্চন ব্যৱস্থাৰ ঠাইত পুৰণি পেঞ্চন ব্যৱস্থা উভতাই আনিবলৈ আহ্বান জনায় চৰকাৰক ।
এই সন্দৰ্ভত, প্ৰতিবাদকাৰী এগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া ভাষ্য অনুসৰি চৰকাৰক এন পি এচ ব্যৱস্থা প্ৰত্যহাৰা কৰি অ' পি এচ বাহাল ৰাখিবলৈ দাবী জনায় কৰ্মচাৰী সকলে আৰু আাজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে কেৱল ধেমাজি জিলাৰ পৰাই প্ৰায় ৫ হেজাৰ প্ৰতিবাদকাৰী অহা বুলিও জানিবলৈ দিয়ে ব্যক্তি গৰাকীয়ে ।
আনহাতে, প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ এই দাবী সম্পূৰ্ণ ৰূপে নায্য বুলিও মন্তব্য কৰে কিয়নো নতুন পেঞ্চন ব্যৱস্থাটোৱে কৰ্মচাৰী সকলৰ ভৱিষ্যতক এক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিছে । নতুন পেঞ্চন ব্যৱস্থা অনুসৰি, কৰ্মচাৰী সকলৰ প্ৰাপ্য ধন নিৰ্ধাৰণ কৰা হ'ব শ্বেয়াৰ বজাৰৰ ওপৰত । যিহেতু শ্বেয়াৰ বজাৰ নিজেই অস্থিৰ তেনেস্থলত প্ৰাপ্য ধনৰ পৰিমাণক লৈ সন্দেহবাদী কৰ্মচাৰী সকল ।
উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্মচাৰী সকলৰ ওপৰিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু কেইটা সংগঠনৰ নেতাই ও যোগদান কৰে ।