ডিব্ৰুগড়ৰ ঐতিহ্যমন্দিত অনাতাঁৰ কেন্দ্ৰত প্ৰসাৰ ভাৰতীয়ে 'অসমীয়া বাতৰি' সম্প্ৰচাৰ নকৰাৰ প্ৰতিবাদত ভাৰতীয় গণনাট্য সংঘৰ সংবাদ মেল...

গৰিহণা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ ঐতিহ্যমন্দিত অনাতাঁৰ কেন্দ্ৰত প্ৰসাৰ ভাৰতীয়ে 'অসমীয়া বাতৰি' সম্প্ৰচাৰ নকৰাৰ প্ৰতিবাদত ভাৰতীয় গণনাট্য সংঘৰ সংবাদ মেল...

ডিজিটেল সংবাদ, বোকাখাত : অসমৰ সাংস্কৃতিক -বৌদ্ধিক কৰ্ষণৰ ভেটি তথা ঐতিহাসিক প্ৰানকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰে "অসমীয়া বাতৰি" সম্প্ৰচাৰ বন্ধৰ জাননী প্ৰেৰণ কৰিছে।

Advertisment

ইয়াৰ প্ৰতিবাদত ভাৰতীয় গণনাট্য সংঘই তীব্ৰভাৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে অসমৰ তথা তেওঁৰ গৃহ জিলা ডিব্ৰুগড়ৰ ঐতিহ্যমন্দিত অনাতাঁৰ কেন্দ্ৰত অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ জাননী ধিক্কাৰজনক।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰসাৰ ভাৰতীয়ে তেখেতৰ কাৰ্যকালতে অসমীয়া ভাষাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা কাৰ্য সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীত্বৰ বিনিময় উপহাৰ নেকি বুলি বোকাখাতত এক সংবাদমেল যোগে কটাক্ষ কৰে ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা সোনেশ্বৰ নৰহে।

গণনাট্য সংঘৰ তৰফৰ পৰা ওজা ধণেশ্বৰ শইকী‌য়া, গণসংগীত শিল্পী অমৰ কাকতি, প্ৰদীপ বৰুৱা,কবি-সাংবাদিক পল্লৱ হাজৰিকা আৰু নাট্যকৰ্মী ভৰত চাহুৱে সম্বোধন কৰা সংবাদ মেলত সোণেশ্বৰ নৰহে অসমৰ সকলো শ্ৰেণী সচেতন নাগৰিকক মাৰবান্ধী প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰই নিৰ্মাণ কৰা সকলো কলা-কুশলী,কবি-সাহিত্যিক,যুৱ বাহিনীৰ কন্ঠ সমূহ, বিশিষ্ট বিদ্যান লোক , বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিদ্যত সমাজ, জাতীয় সংগঠন সমূহক মাত মাতিবলৈও কাতৰ আহ্বান জনায়।

উল্লেখযোগ্যভাবে গণনাট্য সংঘই প্ৰশ্ন উত্থাপিত কৰি কয় সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ কাৰ্যকালত নিজ ডিব্ৰুগড়ৰ অনাঁতাৰ কেন্দ্ৰত অসমীয়া ভাষাৰ বাতৰি সম্প্ৰচাৰ বন্ধ কৰাৰ অভিসন্ধিত যদি জড়িত নাই তেন্তে প্ৰত্যক্ষ হস্তক্ষেপ কৰি অসম তথা নিজ জিলাৰ গৰিমা অক্ষুণ্ণ ৰাখক । অন্যথা মন্ত্ৰীত্বৰ লালসাত নিজৰ ভাষাকো বিসৰ্জন দিয়া কলঙ্কৰ ইতিহাস বহন কৰিবলৈ সাজু থাকিবলৈ সৰ্বানন্দ সোণোৱালক আহ্বান জনায় গণনাট্য সংঘই।

assam dibrugarh radio centre