Advertisment

মঙলদৈৰ বেজপাৰাত বৰ্ণাঢ্য শোভাযাত্ৰা

মঙলদৈৰ বেজপাৰাত অনুষ্ঠিত বৰসবাহৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী বৰ্ণাঢ্য শোভাযাত্ৰা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
মঙলদৈৰ বেজপাৰাত বৰ্ণাঢ্য শোভাযাত্ৰা

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ বেজপাৰাত অনুষ্ঠিত বৰসবাহৰ আজি দ্বিতীয় দিন। দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী বৰ্ণাঢ্য শোভাযাত্ৰা অনুষ্ঠিত হয়।

Advertisment

প্ৰতিকুল বতৰকো নেওচি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোক। দৰঙীয়া লোক কৃষ্টিৰ বিভিন্ন দলেৰে পৰিবেষ্টিত এই শোভাযাত্ৰাই মঙলদৈ চহৰৰ লগতে পূৱ মঙলদৈ অঞ্চলত খলকনিৰ সৃষ্টি কৰে।প্ৰতি ১২বছৰৰ মূৰে মূৰে মঙলদৈ বেজপাৰাত অনুষ্ঠিত কৰা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ ( বৰ সবাহ)ৰ বিশাল শোভাযাত্ৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে প্ৰায় ৭ কিলো মিটাৰ আহি মঙলদৈ সনাতন ধৰ্ম সভা প্ৰাংগনত উপস্থিত হয়।

২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুস্থিত কৰা এই দ্বাদশ বৰ্ষীয় শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞস্থলীত আগমন ঘটিব ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্তৰ।

Also Read: মিজোৰামত মেথামফেটামাইন আৰু হেৰ'ইন জব্দ : গ্ৰেপ্তাৰ ২গৰাকী মহিলা

mangoldoi