বেকাজানত প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগীতা

বীৰ লাচিত সেনা অসম,বেকাজান শাখাৰ উদ্যোগত বেকাজান ৰাজহুৱা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দিবা-নৈশ প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাত গোলাঘাট ঘিলাধাৰী আয়ুব ইলেভেন চেম্পিয়ন হয়।

author-image
Asomiya Pratidin
New Update
বেকাজানত প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগীতা

ডিজিটেল সংবাদ, বেকাজানঃ বীৰ লাচিত সেনা অসম,বেকাজান শাখাৰ উদ্যোগত বেকাজান ৰাজহুৱা খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দিবা-নৈশ প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাত গোলাঘাট ঘিলাধাৰী আয়ুব ইলেভেন চেম্পিয়ন হয়।

সোমবাৰে নিশা বেকাজান ইলেভেন ষ্টাৰ আৰু আয়ুব ইলেভেন মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনামূলক ফাইনেল খেলত ঘিলাধাৰী আয়ুব ইলেভেনে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। বেকাজান ইলেভেনে নিৰ্ধাৰিত ছয় অভাৰত ৪৯ ৰান সংগ্ৰহ কৰে। জয়ৰ বাবে ৫০ ৰান লক্ষ্য আগত ৰাখি খেলা ঘিলাধাৰীৰ আয়ুব ইলেভেনে পাঁচ অভাৰত তিনি উইকেট হেৰাই জয়ত উপনীত হয় ।

ঘিলাধাৰীৰ আয়ুব ইলেভেনৰ উহাব খানে স্বৰ্গীয় প্ৰদীপ বুঢ়াগোঁহাইৰ সোঁৱৰণীত শ্ৰেষ্ঠ বেটচমেন পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বেকাজান ইলেভেনৰ অজয় যাদৱে বেষ্ট বলাৰ সন্মান লাভ কৰে। আয়ুব ইলেভেনে নগদ ৩০ হাজাৰ টকা আৰু স্বৰ্গীয় প্ৰীতম কুমাৰ দাসৰ সোঁৱৰণী পুৰস্কাৰ ট্ৰফি আৰু বেকাজান ইলেভেন দলে ১৫ হাজাৰ টকা, স্বৰ্গীয় চিৰদা দাসৰ সোঁৱৰণী ৰাণাছ আপ পুৰস্কাৰ লাভ কৰে। খেলৰ অন্তত পুৰস্কাৰ প্ৰদান কৰে দাতা পৰিয়াল হৈ শিশিৰ কুমাৰ দাস , ভাস্কৰজ্যোতি বুঢ়াগোহাঁই আৰু বীৰ লাচিত সেনাৰ ছানী ৰাজখোৱা দীপাংকৰ দত্তই । অনুষ্ঠানটিত আঁত ধৰে সাংবাদিক মণ্টুচ্ কোঁৱৰে ।

Also Read: জামুগুৰিহাটৰ জয়সিদ্ধিৰ নগদাত বাথৌ মহাসভাৰ নৱম বাৰ্ষিক অধিবেশন আৰম্ভ

prizemoney cricket bokajan cricket