/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/priyanka-lakhimpururururu-loadshedingcurrent-for-web-AP-full-no-ad-2-copy.jpg)
ডিজিটেল সংবাদ, লখিমপুৰঃ বিজেপি মিত্ৰজোঁটৰ ভেটি কঁপাই, মহাপুৰুষ মাধৱ দেৱৰ জন্মস্থান লেটেকুপুখুৰীত সেৱা লৈ উত্তৰ অসমৰ পৰাই নিজ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিল নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মহা সচিব প্ৰিয়ংকা গান্ধী বাদ্ৰা৷ বিজেপিৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰু নাগৰিকত্ব সংশোধনী আইনক প্ৰধান ইছ্যু হিচাবে প্ৰক্ষেপ কৰি প্ৰিয়ংকা গান্ধী বাদ্ৰাই উত্তৰ অসমৰ লখিমপুৰৰ পৰাই আজি নিৰ্বাচনী প্ৰচাৰত নামিল ৷
বিশাল জনসভাৰ পৰিৱৰ্তে লক্ষণীয়ভাৱে কৌশলী নিৰ্বাচনী প্ৰচাৰত মনোনিৱেশ কৰিলে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী গৰাকীয়ে ৷ সোমবাৰে পুৱা ১১.৪৫ বজাত উত্তৰ লখিমপুৰ লীলাবাৰী বিমান বন্দৰত বিশেষ বিমান যোগে অৱতৰণ কৰি বিমান বন্দৰৰ প্ৰৱেশ পথত স্হানীয় লোকৰ সৈতে বাৰ্তালাপত মিলিত হয় প্ৰিয়ংকা গান্ধী ৷ মিচিং জনগোষ্ঠীৰ গুমৰাগ চঃমান ,চাহ জনগোষ্ঠীৰ ঝুমুৰ আৰু বিহু নৃত্যৰে কংগ্ৰেছ নেত্ৰী গৰাকীক অভিভাদন জনোৱা হয় ৷
মাদলৰ তালে তালে কিছু সময় লীলাবাৰীত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে নাচিবলৈ প্ৰয়াস কৰে ৷ইয়াৰ পাছতেই প্ৰদেশ কংগ্ৰেছৰ অসম বচাও শ্লগান যুক্ত বাহনত উঠি অসম বচাও আন্দোলত ভাগ লয় কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে ৷প্ৰায় চাৰে চাৰিঘন্টা জোৰা প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনকেন্দ্ৰিক এই লখিমপুৰ ভ্ৰমণ আছিল অতি ব্যতিক্ৰম আৰু তাৎপৰ্যপূৰ্ণ ৷কিয়নো জনসভাৰ পৰিৱৰ্তে মুস্তিমেয় লোকৰ লগত বাৰ্তালাপ কৰি ট্ৰেভেলাৰ বাহনত উঠি স্বচক্ষে নিজ দলৰ সাংগঠনিক স্হিতি বুজ লয় প্ৰিয়ংকা গান্ধীয়ে ৷
তাৎক্ষণিক ভাৱে প্ৰিয়ংকা গান্ধীয়ে উত্তৰ অসম ভ্ৰমণৰ কাৰ্যসূচী হাতত লয়৷ প্ৰদেশ কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিয়ে যে অসম প্ৰদেশ কংগ্ৰেছৰ দুই এক শীৰ্ষ নেতাৰ বাহিৰে প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণ সূচীৰ বিষয়ে সকলোৱে বিতংকৈ জনা নাছিল ৷ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ ৱাঘেলৰ উদ্যোগত ৰোড মেপ তৈয়াৰ হৈছিল প্ৰিয়ংকা গান্ধীৰ ভ্ৰমণৰ ৷একাৰ্থত ছত্তীশগড়ৰ আৰ্হিতে অসমত নিৰ্বাচনী প্ৰচাৰৰ ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে ৷ভুপেশ ৱাঘেলৰ একান্ত বিশ্বস্ত একাংশ ছত্তীশগড়ৰ যুৱ কংগ্ৰেছীক অসমত নিযুক্ত কৰি কংগ্ৰেছৰ হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰৰ ৰোড মেপ তৈয়াৰ কৰা হৈছে ৷
চাহজনগোষ্ঠী ,সমাজৰ পিছপৰা শ্ৰেণী ,জনজাতীয় ভোটাৰ সকলক মূলধন হিচাবে লৈ বিজেপি মিত্ৰজোঁটৰ হাইটেক নিৰ্বাচনী প্ৰচাৰৰ বিপৰীতে কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা হৈছে ৷ সেয়েহে ছত্তীশগড়ৰ প্ৰায় দুশ জন যুৱ কংগ্ৰেছীক অসমৰ ভিন্ন প্ৰান্তত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ ৰোড মেপ তৈয়াৰত নিয়োগ কৰা হৈছে প্ৰদেশ কংগ্ৰেছৰ সূত্ৰটোৰ মতে ৷ আনকি এই বিষয়ে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ নেতা অৱগত হোৱা নাই ৷
সেই অনুসৰি প্ৰিয়ংকা গান্ধীৰ প্ৰথম ভ্ৰমণ সূচীত সোমবাৰৰ দিনটোত লখিমপুৰৰ পৰা বিশ্ব নাথলৈ প্ৰতিটো কাৰ্যসূচীত ১৫০০ৰ পৰা সৰ্বাধিক দুহেজাৰ কংগ্ৰেছ কৰ্মীক সমৱেত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল ৷ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নেত্ৰী গৰাকীৰ এই সমগ্ৰ ভ্ৰমণ সুচী তৈয়াৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক ভানৱাৰ জীতেন্দ্ৰ সিং ,ছত্তীশগড় চৰকাৰৰ মন্ত্ৰী তথা উত্তৰ অসমৰ সহ তত্ত্বাৱধায়পক বিকাশ উপাধ্যায় আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ মুখ্য উপদেষ্টা ৰছিদ ফিক্ৰীক ৷ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভুপেশ ৱাঘেলৰ নিৰ্দেশত টীম ছত্তীশগড়ে বিগত কিছুদিন ধৰি উত্তৰ অসমত বাহৰ পাতি নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰে ৷
সেই অনুসৰি উত্তৰ অসমৰ চৈধ্যটা বিধান সভা সমষ্টিৰ ছয়টা বিধান সভা সমষ্টি কংগ্ৰেছৰ বাবে অনুকুল স্হিতি বুলি চিহ্নিত কৰি সেই বিধান সভা সমষ্টি কেইটাত কংগ্ৰেছৰ বিজয় নিশ্চিত কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷কিয়নো সেই কেইটা বিধান সভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ খোৱা কামোৰা উপৰিও ব্যাপক প্ৰতিষ্ঠান বিৰোধী ঢৌৱে ক্ৰিয়া কৰি আছে ৷ সেয়ে ধেমাজি ,লখিমপুৰ ,নাওবৈছা ,বিহপুৰীয়া ,গহপুৰ ,বিশ্বনাথ সমষ্টিক প্ৰথম প্ৰাধান্য দি প্ৰিয়ংকা গান্ধীৰ ৰোড মেপ তৈয়াৰ কৰা হয় ৷
এই সমষ্টি কেইটাত বিজেপি মিত্ৰজোঁটৰ বিসম্বাদক লক্ষ্য কৰি দলীয় ৰণনীতি প্ৰস্তুত কৰিছে কংগ্ৰেছে ৷ এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয়- অসমৰ এই নিৰ্বাচন অস্তীত্ব ৰক্ষাৰ নিৰ্বাচন ৷ইয়াৰ সংস্কৃতি আৰু আত্ম পৰিচয় অটুত ৰাখিবলৈ হলে কংগ্ৰেছ পুণৰ ক্ষমতালৈ আহিব লাগিব ৷ বিজেপি মিত্ৰজোঁটে বহু প্ৰতিশ্ৰুতি দিছিল সেয়া কিন্তু পূৰণ কৰিব নোৱাৰিলে ৷ আনহাতে এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে কয়- আমি মহাজোঁট বন্ধনক লৈ আশাবাদী ৷ জোঁটবন্ধনৰ জৰিয়তে কংগ্ৰেছ পূনৰবাৰ শাসনলৈ আহিব ৷চৰকাৰ আমাৰে হ'ব ৷ কিমান খন আসন পাম সেয়া আমাতকৈ আপোনালোকে ভালকৈ জানিব ৷ স্মৰ্তব্য যে, প্ৰিয়ংকা গান্ধীৰ আজিৰ উত্তৰ অসম ভ্ৰমণ সুচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ,এ পি চি চি ৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং ভানৱাৰ ,সহ তত্বাৱধায়ক বিকাশ উপাধ্যায় ,ৰছিদ ফিক্ৰী ,সাংসদ গৌৰৱ গগৈ ,প্ৰদ্যুৎ বৰদলৈ ,সুস্মিতা দেৱ ,দেৱ ব্ৰত শইকীয়া ,ভুপেন বৰা ,গুল আখতৰা বেগম ,ৰূপজ্যোতি কুৰ্মী ,ৰ'জলিনা তীৰ্কী আদিয়ে সংগ দিয়ে ৷